অৱনী

  • | |

    হাতত তুলি লোৱা

    মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…

  • | |

    কাৰ সহায়ত সিহঁতে যুঁজে

    কাৰ সহায়ত সিহঁতে যুঁজে মোৰেই কান্ধত বন্দুক থৈ বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু অথচ অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু মোৰেই অপমান! কোন শক্তিমান? ঘৃণিত বাঘ? শান্তিৰ নামত সিহঁতে যি আটাহ পাৰি গায় ধৰ্ম বুলি সিহঁতে কৰে ঘৃণ্যলীলা। শান্তি মানে সিহঁতে বুজে নিৰ্বিবাদে হত্যাকাণ্ড চলাই নিয়া চলচাতুৰি, বৰ্ণবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ লৈ ‘সমাজবাদ’ৰ ছিটিকা সাজি সিহঁতেই…

  • | |

    উত্তৰৰ তৰা

    জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে। জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে। মোৰ হাততো অস্ত্ৰ কেৱল সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে। অস্ত্ৰতো মোৰ হাততেই থাকে কেৱল সিহঁতে মোক বাৰে বাৰে নিহত কৰে   বাৰে বাৰে মোক শ্বহীদ কৰে মই আজি দৌৰি ফুৰো দৌৰি ফুৰো কাৰো কথা নামানো। মনে মনে নাথাকো নুমাই দিয়া চাকিবোৰ ময়েই জ্বলাওঁ…

  • | |

    এন্ধাৰ বাটৰ এগছি পোহৰ

    পোহৰ আনোগে’ বুলি আন্ধাৰ হোৱাৰ লগে লগে ল’ৰাটি ওলাই গ’ল। উভতি আহিব বুলি সি বহুপৰ বুঢ়ীআয়ে অন্ধকাৰ কুঠৰীত শীৰ্ণমুখে আশাৰ শলিতা পুৰি   বাট চাই ৰ’ল। অতপৰে উভতি নহাত বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল। হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল যেতিয়া শুনিলে ৰাতুল পুতুল আৰু যদুৰাম…

  • | |

    কবিতাৰ কাৰণে

    ইয়ালৈ কিয় আহিলো এটা কবিতা পঢ়িম বাঃ বাঃ দিবা ৰুমালেৰে ঘাম মচিম চিগাৰেট যাচিবা। মই ইমান অস্থিৰ এটা কবিতাৰ কাৰণে মোৰ জন্ম মোৰ জন্মান্তৰ। সপোন দেখিছিলো এতিয়া দুঃস্বপ্নৰ ৰাতি দিন। ল’ৰাই সোধে ইজনে সিজনে সোধে কাউৰি, শগুণ, শিয়ালে খায়নো কি? অজাতি কাউৰি, অজাতি শিয়াল অজাতি শগুণে কিহেৰে বোলায় ঠোঁট? মানুহ কি খাই জীয়ে কি খাই…

  • | |

    ইয়াত এদিন

    তাই যদি ৰহদৈ আছিল কেনি গ’ল নাজানো। তাই মোৰ কবিতা আছিল বাৰে বাৰে বিচাৰি ঘূৰিছো। এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত তাইক পাইছিলো চুঙা চাকিৰ তভকত জলমলাই উঠিছিল চলচলীয়া এযুৰি চকু। কপিলীয়ে সুধিছিল ঃ তুমি বিচাৰিছা কি? গধুলিৰ আন্ধাৰ তোৰণেদি দ-গড়াৰ বুকুত বহিছিলো আৰু তাই তেনেকৈয়ে খান্দি আছিল মোক। তাই ৰহদৈ আছিল নে নাই নাজানো তাইৰ…

  • | |

    আহক কথা নপতাকৈ থাকো

    আকউ নিজৰ হাত কাটক চোতালত কবৰ খান্দক ঘৰৰ ভিতৰত ঘৰ নিষ্ফল ডাঙৰীয়া ৰঙৰ টেমা শেষ কাগজৰ প্ৰতিযোগিতাই কমাই গ্ৰাহক কাগজ কলম সামৰি লগ পোৱা এখন্তেক বাটত পাঁচজনে আহক কথা নপতাকৈ থাকো উকা পোষ্টাৰবোৰ হাতত লৈ উকা কাগজবোৰ পিঠিত আঁৰি দুই মিনিট খোজ কাঢ়ো আমাকো দেখক আপোনাসবে হে ৰাজনীতিৰ পাণ্ডাসকল ঘুচিয়া-ঘুচি এৰি হে ভাষা-সংস্কৃতিৰ ৰক্ষকসকল চাওঁক…

  • | |

    সোণৰ খাৰু নালাগে

    কালি ৰাতি নানকাৰ ভয়ৰাত পণবন্দী আছিলো কবিতাৰ খাজনাবিহীন মাটিত দিব লাগিছিল কৰ। কবিতা পণ্য নহয় এই আছিল আদৰণি পোষ্টাৰ মাও ছে টুং, হো-চি মিনে বন্ধা ঘৰ। নকৈ সজা ৰূপজ্যোতিৰ প্ৰেক্ষাগৃহই নধৰে মানুহ উঠি গৈ বহল হ’ল নঙলা নামঘৰ আৰু বাজি উঠিল সমৰৰ কণ্ঠতো সুৰৰ দেউলৰে…. সুন্দৰ পূজাৰী কণ্ঠৰ বৰ্ণালী বীণৰ তাঁৰতো বান্ধ খালে বন্দুকৰ শব্দতো…

  • | |

    কাব্যৰ পাপ

    মই মাটি বুলিলে মাটি পানী বুলিলে পানী নহয়। মাটি, পানী, বায়ুৰ মাজেদি বতাহৰ দৰে তোমাৰ অনুভৱত মই জুই দিয়া নাই। তুমিহে মোৰ ঈশ্বৰ শোকত কান্দিছিলো বাবে উৰি গ’ল বুকুৰ চৰাই মোৰ ৰোষৰ অগ্নিক বুলিলা প্ৰথম কবিতা। বাঢ়ি যোৱা যন্ত্ৰণা ব্যাধি জাপি দিলো দশৰথৰ গাত কৈকেয়ী আছিল বিবেক বাসনা পাপৰ সন্তান বল্মীকত পালো ঘূৰি গ’ল নিহত…

  • জপনামুখ

    poetabani.com website জপনামুখ অৱনী চক্ৰৱৰ্তী’ (Abani Chakravarty) ৱেবচাইট কবিতা প্ৰকাশনৰ শেহতীয়া নিবেদন। আমি আশা কৰিছো আমাৰ এই ৱেবচাইটে কবি অৱনী চক্ৰৱৰ্তীৰ সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্ম তথা পৃথিৱীৰ যি কোনো প্ৰান্তত থকা সাহিত্য অনুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ কাষলৈ লৈ যাব। কবি অৱনী চক্ৰৱৰ্তীৰ জন্মদিন ৩ জানুৱাৰীৰ দিনটো আমি কবিগৰাকীৰ পৰিয়ালে পালন কৰি আহিছো৷ এই দিনটোত…