| |

কবিতাৰ কাৰণে

ইয়ালৈ কিয় আহিলো
এটা কবিতা পঢ়িম
বাঃ বাঃ দিবা
ৰুমালেৰে ঘাম মচিম
চিগাৰেট যাচিবা।

মই ইমান অস্থিৰ
এটা কবিতাৰ কাৰণে
মোৰ জন্ম
মোৰ জন্মান্তৰ।

সপোন দেখিছিলো
এতিয়া দুঃস্বপ্নৰ
ৰাতি দিন।

ল’ৰাই সোধে
ইজনে সিজনে সোধে
কাউৰি, শগুণ, শিয়ালে খায়নো কি?
অজাতি কাউৰি, অজাতি শিয়াল
অজাতি শগুণে কিহেৰে বোলায় ঠোঁট?
মানুহ কি খাই জীয়ে
কি খাই জীয়ে পানীপিয়া চৰায়ে?

দ্ৰুতগামী যান সহজেই বাট এৰি দি কাষৰ কাটো
বাট এৰি দিওঁ মাতাল হাতী
নুঠো টুলুঙা নাৱত
উজায় নাৱৰীয়া।
ভটিয়াই যোৱাৰ ইচ্ছা মোৰো নাই
পাৰত থাকি সিঞাৰো

তথাপি দেখো পাৰৰ গড়া
   খহি যায় অকস্মাৎ।
এয়ে নেকি এক্সিডেণ্ট?
   সঁচায়েনে দুৰ্ঘটনা?

আচলতে কথাপাতো ৰুমালেৰে জেপত মেৰিয়াওঁ ছুৰি
ময়েই তোমাক মাৰো খেয়ালবশতঃ
তুমি মোক নামাৰা সেই দেখি।

প্ৰতিবাদৰ দিনলিপি/জুলাই ১৯৮৫

Similar Posts

  • | |

    এন্ধাৰ বাটৰ এগছি পোহৰ

    পোহৰ আনোগে’ বুলি আন্ধাৰ হোৱাৰ লগে লগে ল’ৰাটি ওলাই গ’ল। উভতি আহিব বুলি সি বহুপৰ বুঢ়ীআয়ে অন্ধকাৰ কুঠৰীত শীৰ্ণমুখে আশাৰ শলিতা পুৰি   বাট চাই ৰ’ল। অতপৰে উভতি নহাত বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল। হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল যেতিয়া শুনিলে ৰাতুল পুতুল আৰু যদুৰাম…

  • | |

    হাতত তুলি লোৱা

    মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…

  • About Abani Chakravarty

    Abani Chakravarty (Assamese: অৱনী চক্ৰৱৰ্তী) was an Assamese humanitarian poet of the late twentieth century Assamese literature. Apart from original poetry his works included two novelettes and translations of the third-world poetry. Early life Chakravarty was born in Nalbari subdivision (now Nalbari district) of Undivided Kamrup district of Assam, India on 3 January 1941 to…

  • | |

    কাব্যৰ পাপ

    মই মাটি বুলিলে মাটি পানী বুলিলে পানী নহয়। মাটি, পানী, বায়ুৰ মাজেদি বতাহৰ দৰে তোমাৰ অনুভৱত মই জুই দিয়া নাই। তুমিহে মোৰ ঈশ্বৰ শোকত কান্দিছিলো বাবে উৰি গ’ল বুকুৰ চৰাই মোৰ ৰোষৰ অগ্নিক বুলিলা প্ৰথম কবিতা। বাঢ়ি যোৱা যন্ত্ৰণা ব্যাধি জাপি দিলো দশৰথৰ গাত কৈকেয়ী আছিল বিবেক বাসনা পাপৰ সন্তান বল্মীকত পালো ঘূৰি গ’ল নিহত…

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.