| |

আহক কথা নপতাকৈ থাকো

আকউ নিজৰ হাত কাটক
চোতালত কবৰ খান্দক
ঘৰৰ ভিতৰত ঘৰ
নিষ্ফল ডাঙৰীয়া
ৰঙৰ টেমা শেষ
কাগজৰ প্ৰতিযোগিতাই
কমাই গ্ৰাহক

কাগজ কলম সামৰি
লগ পোৱা এখন্তেক
বাটত পাঁচজনে
আহক কথা নপতাকৈ থাকো
উকা পোষ্টাৰবোৰ হাতত লৈ
উকা কাগজবোৰ পিঠিত আঁৰি
দুই মিনিট খোজ কাঢ়ো

আমাকো দেখক আপোনাসবে
হে ৰাজনীতিৰ পাণ্ডাসকল
ঘুচিয়া-ঘুচি এৰি
হে ভাষা-সংস্কৃতিৰ ৰক্ষকসকল
চাওঁক নিজৰো ফালে
সৰ্বাংগত জুই

শব্দহীন মুক প্ৰাৰ্থনা লৈ
আহক খন্তেক
হাতবোৰক জিৰণি দিয়ক।

সাদিন/ অক্টোবৰ ১৯৮৯

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.