| |

এন্ধাৰ বাটৰ এগছি পোহৰ

পোহৰ আনোগে’ বুলি
আন্ধাৰ হোৱাৰ লগে লগে
ল’ৰাটি ওলাই গ’ল।
উভতি আহিব বুলি সি
বহুপৰ বুঢ়ীআয়ে
অন্ধকাৰ কুঠৰীত
শীৰ্ণমুখে আশাৰ শলিতা পুৰি
  বাট চাই ৰ’ল।

অতপৰে উভতি নহাত
বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই
ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল।
হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ
শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল
যেতিয়া শুনিলে ৰাতুল পুতুল আৰু
যদুৰাম বাপুৰামহঁতো
সেইবাটে গ’লগৈ
পোহৰ বিচাৰি।
পোনাকণ হেনো তেওঁৰ পোহৰ বিচাৰি গৈ
নিজেই এগছি পোহৰ হ’ল
  —আন্ধাৰ বাটৰ।

বুঢ়ীআইৰ যেন দুচকুত ভাহি উঠিল
বুটাবছা এখনি আকাশ
পুৱাৰ ৰ’দ কাঁচলিত
বুঢ়ীআয়ে শাক তুলিছে
খৰাহী ভৰাই
কাৰণ পদূলিমুখত
সিহঁতে গাইছে গীত
উভতি অহাৰ।

কবিকণ্ঠ, পৃষ্ঠা ৫২

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.