কাব্যৰ পাপ
মই মাটি বুলিলে মাটি
পানী বুলিলে পানী নহয়।
মাটি, পানী, বায়ুৰ মাজেদি
বতাহৰ দৰে
তোমাৰ অনুভৱত
মই জুই দিয়া নাই।
তুমিহে মোৰ ঈশ্বৰ
শোকত কান্দিছিলো বাবে
উৰি গ’ল বুকুৰ চৰাই
মোৰ ৰোষৰ অগ্নিক
বুলিলা প্ৰথম কবিতা।
বাঢ়ি যোৱা যন্ত্ৰণা ব্যাধি
জাপি দিলো দশৰথৰ গাত
কৈকেয়ী আছিল বিবেক বাসনা
পাপৰ সন্তান বল্মীকত পালো
ঘূৰি গ’ল নিহত ক্ৰৌঞ্চ মুখ।
বাট ভেটি লুটি লোৱা ঋষিৰ সৰ্বস্ব
পাখিৰ কলমত প্ৰজাপতি ৰং
নাৰদে নাজানে এই বৃত্তান্ত
ভোঁহাৰি দিলো সাতকাণ্ড
তোমালোকে এতিয়াও
বিষত কেঁকাই আছা।
