সোণৰ খাৰু নালাগে
কালি ৰাতি নানকাৰ ভয়ৰাত
পণবন্দী আছিলো কবিতাৰ
খাজনাবিহীন মাটিত
দিব লাগিছিল কৰ।
কবিতা পণ্য নহয়
এই আছিল আদৰণি পোষ্টাৰ
মাও ছে টুং, হো-চি মিনে বন্ধা ঘৰ।
নকৈ সজা ৰূপজ্যোতিৰ
প্ৰেক্ষাগৃহই নধৰে মানুহ
উঠি গৈ বহল হ’ল নঙলা নামঘৰ
আৰু বাজি উঠিল সমৰৰ কণ্ঠতো
সুৰৰ দেউলৰে….
সুন্দৰ পূজাৰী
কণ্ঠৰ বৰ্ণালী বীণৰ তাঁৰতো বান্ধ খালে
বন্দুকৰ শব্দতো ৰাতিটো পুৱাব পাৰে
নহ’লে খুজি ফুৰিব লাগে মাগনী হাতে
শগুণৰ ডেউকাৰ ছাঁত শুই থাকিব
পাৰে গাঁওখন।
বাতৰিৰ গাঁওখন ঘেৰাওঁ কুৰিজন যুৱক গ্ৰেপ্তাৰ
মিছা বাতৰিৰ বাবে গৰিহণা
পাৰ হৈ আহিলো বাৰে বাৰে পুলিচৰ তালাচী চকী।
