| |

সোণৰ খাৰু নালাগে

কালি ৰাতি নানকাৰ ভয়ৰাত
পণবন্দী আছিলো কবিতাৰ
খাজনাবিহীন মাটিত
দিব লাগিছিল কৰ।

কবিতা পণ্য নহয়
এই আছিল আদৰণি পোষ্টাৰ
মাও ছে টুং, হো-চি মিনে বন্ধা ঘৰ।
নকৈ সজা ৰূপজ্যোতিৰ
প্ৰেক্ষাগৃহই নধৰে মানুহ

উঠি গৈ বহল হ’ল নঙলা নামঘৰ
আৰু বাজি উঠিল সমৰৰ কণ্ঠতো
সুৰৰ দেউলৰে….
সুন্দৰ পূজাৰী

কণ্ঠৰ বৰ্ণালী বীণৰ তাঁৰতো বান্ধ খালে
বন্দুকৰ শব্দতো ৰাতিটো পুৱাব পাৰে
নহ’লে খুজি ফুৰিব লাগে মাগনী হাতে
শগুণৰ ডেউকাৰ ছাঁত শুই থাকিব
পাৰে গাঁওখন।

বাতৰিৰ গাঁওখন ঘেৰাওঁ কুৰিজন যুৱক গ্ৰেপ্তাৰ
মিছা বাতৰিৰ বাবে গৰিহণা
পাৰ হৈ আহিলো বাৰে বাৰে পুলিচৰ তালাচী চকী।

Similar Posts

  • | |

    কবিতাৰ কাৰণে

    ইয়ালৈ কিয় আহিলো এটা কবিতা পঢ়িম বাঃ বাঃ দিবা ৰুমালেৰে ঘাম মচিম চিগাৰেট যাচিবা। মই ইমান অস্থিৰ এটা কবিতাৰ কাৰণে মোৰ জন্ম মোৰ জন্মান্তৰ। সপোন দেখিছিলো এতিয়া দুঃস্বপ্নৰ ৰাতি দিন। ল’ৰাই সোধে ইজনে সিজনে সোধে কাউৰি, শগুণ, শিয়ালে খায়নো কি? অজাতি কাউৰি, অজাতি শিয়াল অজাতি শগুণে কিহেৰে বোলায় ঠোঁট? মানুহ কি খাই জীয়ে কি খাই…

  • | |

    উত্তৰৰ তৰা

    জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে। জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে। মোৰ হাততো অস্ত্ৰ কেৱল সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে। অস্ত্ৰতো মোৰ হাততেই থাকে কেৱল সিহঁতে মোক বাৰে বাৰে নিহত কৰে   বাৰে বাৰে মোক শ্বহীদ কৰে মই আজি দৌৰি ফুৰো দৌৰি ফুৰো কাৰো কথা নামানো। মনে মনে নাথাকো নুমাই দিয়া চাকিবোৰ ময়েই জ্বলাওঁ…

  • অবনী চক্রবর্তী

    কুড়ি শতকের শেষের দিকের অসমিয়া সাহিত্য-জগতের এক উল্লেখযোগ্য ও মানবহিতৈষী কবি হচ্ছেন অবনী চক্রবর্তী।যদিও  বিশিষ্ট কবি হিসেবে পরিচিত তবুও তিনি একাধারে ছিলেন নভেলেট লিখিয়ে,অনুবাদক ও সংকলক। তৃতীয় বিশ্বের কবিতাকে অসমিয়ায় রূপান্তর করেছিলেন তিনি। অবনী জন্মেছিলেন ১৯৪১ সালের ৩ জানুয়ারি, তৎকালীন অসমের অবিভক্ত কামরূপ জেলার নলবারি সাবডিভিশানে(বর্তমানে নলবারি জেলা), এক অসমিয়া ব্রাহ্মণ পরিবারে। ১৯৬০ সাল থেকে তাঁর…

  • | |

    হাতত তুলি লোৱা

    মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.