| |

এন্ধাৰ বাটৰ এগছি পোহৰ

পোহৰ আনোগে’ বুলি
আন্ধাৰ হোৱাৰ লগে লগে
ল’ৰাটি ওলাই গ’ল।
উভতি আহিব বুলি সি
বহুপৰ বুঢ়ীআয়ে
অন্ধকাৰ কুঠৰীত
শীৰ্ণমুখে আশাৰ শলিতা পুৰি
  বাট চাই ৰ’ল।

অতপৰে উভতি নহাত
বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই
ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল।
হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ
শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল
যেতিয়া শুনিলে ৰাতুল পুতুল আৰু
যদুৰাম বাপুৰামহঁতো
সেইবাটে গ’লগৈ
পোহৰ বিচাৰি।
পোনাকণ হেনো তেওঁৰ পোহৰ বিচাৰি গৈ
নিজেই এগছি পোহৰ হ’ল
  —আন্ধাৰ বাটৰ।

বুঢ়ীআইৰ যেন দুচকুত ভাহি উঠিল
বুটাবছা এখনি আকাশ
পুৱাৰ ৰ’দ কাঁচলিত
বুঢ়ীআয়ে শাক তুলিছে
খৰাহী ভৰাই
কাৰণ পদূলিমুখত
সিহঁতে গাইছে গীত
উভতি অহাৰ।

কবিকণ্ঠ, পৃষ্ঠা ৫২

Similar Posts

  • | |

    কি আহে যায়

    কি আহে যায় য’ত আচল কথাটো লুকাই ৰখাটোৱে আচল কথা তাত এইবোৰ কি কবিতাৰ মূল্য সৌন্দৰ্য্য চৰ্চা নন্দনতত্ত্ব ঘাটি ঘাটি উলিওৱা প্ৰতীকী ব্যঞ্জনা-কল্পচিত্র তুমি আলাসত চাংপাতা অথবা চকু মুদি থাকা কি আহে যায় ফাঁচী দি মাৰিলে ভুমাইয়া কিষ্টা গুলিত মাৰিলে সন্তান তোমাৰ কি আহে যায় চোমালিল্যাণ্ড আফ্ৰিকা সস্তা জীৱন । সস্তা তেল – দামী বিবৄতি…

  • | |

    কবি

    শ্বহীদ নহ’লো। গুলীয়াগুলিলৈ যোৱা নাই। লাঠী গোৰ খাবলৈ সমদল নুলিয়ালো। কথা নক’লো প্ৰতিবাদ নকৰিলো একোৰেই। ল’ৰাৰ মৃত্যুত ছোৱালীজনী হেৰোৱাত আত্মীয়সকল গুচি যোৱাত নাকান্দিলো। আঙুলিবোৰ কাটি দিয়াত জিভাখন টানি উলিওৱাত মই মৰিলো নেকি মোৰ মৃত্যু হোৱাত ? যদি কৰ্কটে নাখায় ৰক্তক্ষৰণত মোৰ মৃত্যু নহয় তেনেহ’লে অকস্মাৎ মোৰ উদ্যত ছুৰী বহুৱাও বন্ধু তোমাৰ হৃদয় আলোড়িত কৰো অথবা…

  • कवि अवनी चक्रवर्ती के बारे में

    Abani Chakravarty अवनी चक्रवर्ती बीसवीं शदी के उत्तरार्द्ध में असमिया साहित्य के एक मानवतावादी कवि थे। उनकी रचनाओं में मौलिक कविताओं के अलावा दो लघु उपन्यास और तीसरे विश्व की कविता का विपुल मात्रा में अनुवाद शामिल है। आरंभिक जीवन श्री चक्रवर्ती का जन्म अविभक्त कामरूप जिला के नलबारी अनुमंडल (वर्तमान नलबारी जिला) के बरनर्द्दी…

  • | |

    আহক কথা নপতাকৈ থাকো

    আকউ নিজৰ হাত কাটক চোতালত কবৰ খান্দক ঘৰৰ ভিতৰত ঘৰ নিষ্ফল ডাঙৰীয়া ৰঙৰ টেমা শেষ কাগজৰ প্ৰতিযোগিতাই কমাই গ্ৰাহক কাগজ কলম সামৰি লগ পোৱা এখন্তেক বাটত পাঁচজনে আহক কথা নপতাকৈ থাকো উকা পোষ্টাৰবোৰ হাতত লৈ উকা কাগজবোৰ পিঠিত আঁৰি দুই মিনিট খোজ কাঢ়ো আমাকো দেখক আপোনাসবে হে ৰাজনীতিৰ পাণ্ডাসকল ঘুচিয়া-ঘুচি এৰি হে ভাষা-সংস্কৃতিৰ ৰক্ষকসকল চাওঁক…

  • অবনী চক্রবর্তী

    কুড়ি শতকের শেষের দিকের অসমিয়া সাহিত্য-জগতের এক উল্লেখযোগ্য ও মানবহিতৈষী কবি হচ্ছেন অবনী চক্রবর্তী।যদিও  বিশিষ্ট কবি হিসেবে পরিচিত তবুও তিনি একাধারে ছিলেন নভেলেট লিখিয়ে,অনুবাদক ও সংকলক। তৃতীয় বিশ্বের কবিতাকে অসমিয়ায় রূপান্তর করেছিলেন তিনি। অবনী জন্মেছিলেন ১৯৪১ সালের ৩ জানুয়ারি, তৎকালীন অসমের অবিভক্ত কামরূপ জেলার নলবারি সাবডিভিশানে(বর্তমানে নলবারি জেলা), এক অসমিয়া ব্রাহ্মণ পরিবারে। ১৯৬০ সাল থেকে তাঁর…

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.