| |

ইয়াত এদিন

তাই যদি ৰহদৈ আছিল
কেনি গ’ল নাজানো।
তাই মোৰ কবিতা আছিল
বাৰে বাৰে বিচাৰি ঘূৰিছো।

এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত
তাইক পাইছিলো
চুঙা চাকিৰ তভকত জলমলাই
উঠিছিল চলচলীয়া
এযুৰি চকু।

কপিলীয়ে সুধিছিল
ঃ তুমি বিচাৰিছা কি?
গধুলিৰ আন্ধাৰ তোৰণেদি
দ-গড়াৰ বুকুত বহিছিলো
আৰু তাই
তেনেকৈয়ে খান্দি আছিল
মোক।

তাই ৰহদৈ আছিল নে নাই
নাজানো
তাইৰ আঙুলিৰ ঠাৰতো
মই নাচা নাই।

এদিন ধুমুহা ৰাতি
সেই জাকৈয়া ছোৱালীজনীয়ে
সুধিছিলঃ তুমি বিচাৰিছা কি?

নাজানো
কিহৰ বাণিৰে
তাই মোক তাঁতত বাছিলে।

শাৰী শাৰী শ্বহীদৰ বেদী
তলমূৰকৈ গৈ আছিলো
কোটৰত কিবা এটা জ্বলি উঠিছিল
তাই সুধিছিল ঃ
তুমি তিলকক বিচাৰিছা?
নিমাও মাও আন্ধাৰৰ বুকু ভেদি
চপং চপংকৈ
ছৈ নিদিয়া এখনি নাও।
ফিচিকি যোৱা ৰিহাৰ আঁচলেৰে চকু ঢাকি
তাই কৈছিল ঃ নাই, নাই
সিহঁত ভোটাই নাছিল।

কাজলীৰ ক’লা পানীৰ চকাত
শব্দহীন বুৰবুৰণি
জপং জপংকৈ দেদাউৰি পাৰি
এজাক ভেকুলী
মোৰ বুকুলৈ জাপ দিছিল
ঃ তুমি জোঙালক বিচাৰিছা???

কলঙৰ ভঙা দলঙত
বহি আছিলো
ধেন্দাকাৰ হৈ ভাহি উঠিছিল
দেৱকান্তৰ কবিতাৰ দেহ।
সমীৰে হঠাৎ চিঞৰি উঠিল
ঃ সেইটো কি? সেইটো!

তাই ৰহদৈ নাছিল। আৰু
জোঙালৰ প্ৰিয়তমাৰ নাম
ইতিমধ্যে মই পাহৰি পেলাইছো।

জনজীৱন/ শাৰদীয় ১৯৮৬

Similar Posts

  • | |

    কাৰ সহায়ত সিহঁতে যুঁজে

    কাৰ সহায়ত সিহঁতে যুঁজে মোৰেই কান্ধত বন্দুক থৈ বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু অথচ অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু মোৰেই অপমান! কোন শক্তিমান? ঘৃণিত বাঘ? শান্তিৰ নামত সিহঁতে যি আটাহ পাৰি গায় ধৰ্ম বুলি সিহঁতে কৰে ঘৃণ্যলীলা। শান্তি মানে সিহঁতে বুজে নিৰ্বিবাদে হত্যাকাণ্ড চলাই নিয়া চলচাতুৰি, বৰ্ণবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ লৈ ‘সমাজবাদ’ৰ ছিটিকা সাজি সিহঁতেই…

  • | |

    সোণৰ খাৰু নালাগে

    কালি ৰাতি নানকাৰ ভয়ৰাত পণবন্দী আছিলো কবিতাৰ খাজনাবিহীন মাটিত দিব লাগিছিল কৰ। কবিতা পণ্য নহয় এই আছিল আদৰণি পোষ্টাৰ মাও ছে টুং, হো-চি মিনে বন্ধা ঘৰ। নকৈ সজা ৰূপজ্যোতিৰ প্ৰেক্ষাগৃহই নধৰে মানুহ উঠি গৈ বহল হ’ল নঙলা নামঘৰ আৰু বাজি উঠিল সমৰৰ কণ্ঠতো সুৰৰ দেউলৰে…. সুন্দৰ পূজাৰী কণ্ঠৰ বৰ্ণালী বীণৰ তাঁৰতো বান্ধ খালে বন্দুকৰ শব্দতো…

  • कवि अवनी चक्रवर्ती के बारे में

    Abani Chakravarty अवनी चक्रवर्ती बीसवीं शदी के उत्तरार्द्ध में असमिया साहित्य के एक मानवतावादी कवि थे। उनकी रचनाओं में मौलिक कविताओं के अलावा दो लघु उपन्यास और तीसरे विश्व की कविता का विपुल मात्रा में अनुवाद शामिल है। आरंभिक जीवन श्री चक्रवर्ती का जन्म अविभक्त कामरूप जिला के नलबारी अनुमंडल (वर्तमान नलबारी जिला) के बरनर्द्दी…

  • | |

    কাব্যৰ পাপ

    মই মাটি বুলিলে মাটি পানী বুলিলে পানী নহয়। মাটি, পানী, বায়ুৰ মাজেদি বতাহৰ দৰে তোমাৰ অনুভৱত মই জুই দিয়া নাই। তুমিহে মোৰ ঈশ্বৰ শোকত কান্দিছিলো বাবে উৰি গ’ল বুকুৰ চৰাই মোৰ ৰোষৰ অগ্নিক বুলিলা প্ৰথম কবিতা। বাঢ়ি যোৱা যন্ত্ৰণা ব্যাধি জাপি দিলো দশৰথৰ গাত কৈকেয়ী আছিল বিবেক বাসনা পাপৰ সন্তান বল্মীকত পালো ঘূৰি গ’ল নিহত…

  • | |

    পানীৰ বিষয়ে

    পানীৰ বিষয়ে প্ৰথম কবিতা মই লেখা নাই। ভাবিব নোৱাৰো কি কাৰণে সমস্ত জীৱ আৰু জড়ৰ বীজ আৰু সপ্তৰ্ষিক নাৱত তুলি শিং গজা এটা মাছে টানি লৈ ফুৰে। গাটোক ধুৱাম বুলি এতিয়াও পানীৰ লোটাটো তুলি লও আৰু ক’লা চিকমিকীয়া দেহাৰে কলিমনে চিতাৰ কাঠ ফালে। আয়ুস উচ্চতা ওজনৰ অনুপাতে মোৰ বীমাৰ নিৰিখ ঠিক হৈছিল মোৰ উপাৰ্জনৰ আছিল…

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.