| |

ইয়াত এদিন

তাই যদি ৰহদৈ আছিল
কেনি গ’ল নাজানো।
তাই মোৰ কবিতা আছিল
বাৰে বাৰে বিচাৰি ঘূৰিছো।

এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত
তাইক পাইছিলো
চুঙা চাকিৰ তভকত জলমলাই
উঠিছিল চলচলীয়া
এযুৰি চকু।

কপিলীয়ে সুধিছিল
ঃ তুমি বিচাৰিছা কি?
গধুলিৰ আন্ধাৰ তোৰণেদি
দ-গড়াৰ বুকুত বহিছিলো
আৰু তাই
তেনেকৈয়ে খান্দি আছিল
মোক।

তাই ৰহদৈ আছিল নে নাই
নাজানো
তাইৰ আঙুলিৰ ঠাৰতো
মই নাচা নাই।

এদিন ধুমুহা ৰাতি
সেই জাকৈয়া ছোৱালীজনীয়ে
সুধিছিলঃ তুমি বিচাৰিছা কি?

নাজানো
কিহৰ বাণিৰে
তাই মোক তাঁতত বাছিলে।

শাৰী শাৰী শ্বহীদৰ বেদী
তলমূৰকৈ গৈ আছিলো
কোটৰত কিবা এটা জ্বলি উঠিছিল
তাই সুধিছিল ঃ
তুমি তিলকক বিচাৰিছা?
নিমাও মাও আন্ধাৰৰ বুকু ভেদি
চপং চপংকৈ
ছৈ নিদিয়া এখনি নাও।
ফিচিকি যোৱা ৰিহাৰ আঁচলেৰে চকু ঢাকি
তাই কৈছিল ঃ নাই, নাই
সিহঁত ভোটাই নাছিল।

কাজলীৰ ক’লা পানীৰ চকাত
শব্দহীন বুৰবুৰণি
জপং জপংকৈ দেদাউৰি পাৰি
এজাক ভেকুলী
মোৰ বুকুলৈ জাপ দিছিল
ঃ তুমি জোঙালক বিচাৰিছা???

কলঙৰ ভঙা দলঙত
বহি আছিলো
ধেন্দাকাৰ হৈ ভাহি উঠিছিল
দেৱকান্তৰ কবিতাৰ দেহ।
সমীৰে হঠাৎ চিঞৰি উঠিল
ঃ সেইটো কি? সেইটো!

তাই ৰহদৈ নাছিল। আৰু
জোঙালৰ প্ৰিয়তমাৰ নাম
ইতিমধ্যে মই পাহৰি পেলাইছো।

জনজীৱন/ শাৰদীয় ১৯৮৬

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.