| |

হাতত তুলি লোৱা

মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে
ময়ো বিচাৰো শান্তিত থাকোঁ
মুকলি মনে ফুৰো আৰু গান গাঁও।

মনে মনেই আছিলো।
এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে
কিন্তু কেনেকৈ
কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত?

এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে
এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে
এদিন সিহঁতে মোক হাতত হাতুৰি দি ক’লে ঃ
  কাম কৰ আৰু কথামতে চল

এদিন সিহঁতে মোৰ সকলো কাঢ়ি লৈ
  ৰাজপথত মেলি দি ক’লে ঃ
    ভিক্ষা কৰ ভিক্ষা কৰ
    আৰু ঈশ্বৰক গালি পাৰ।
মই ঘৰ এৰিলো পথাৰ এৰিলো
কাৰখানাত সোমালো, খনিৰ গাঁতত সোমালো
মই কামানৰ আগত সিহঁতৰ বাবে বুকু পাতি দিলো
এনেকৈ চলি আছিল

কিন্তু এনেকৈ চলি নাথাকিল
মোৰ ভনীজনী সিহঁতৰ হাতত ধৰ্ষিতা হ’ল
মোৰ ভাইটো সিহঁতৰ সৌকাৰ কোবত মৰিল
মোৰ গাঁওখন মহাজনৰ চোতালত উছন গ’ল
এদিন সকলো উঠি আহিল
যেতিয়া পথাৰৰ সোণবোৰ
  হাতীৰে গচকালে
হাবিৰ মাজত বান্ধি লোৱা পঁজাবোৰ জ্বলাই দিলে
কাৰখানাবোৰ তলাবন্ধ কৰিলে
আমি সকলোবোৰ নিহত উঠি আহিলো
শ্মশান ৰখীয়াই বাৰে বাৰে বাৰণ কৰিলে
আমি নুশুনিলো।

কাৰখানাৰ মালিকে ক’লে ঃ আৰু এখন ৰুটী বঢ়াই দিম
  আহা, কাম কৰা।
হাতুৰিবোৰ দাণ্ডি ধৰি ক’লো ঃ আমি নমৰো
  কাৰখানা আমাৰ।
মহাজনে ক’লে ঃ খেতি কৰা সাৰ দিয়া শস্য বঢ়োৱা
  এইবাৰ আধিয়াৰ ৰেহাই দিম
    খাজানা কমাই দিম
বহুবাৰ এনেদৰে কৈছিল— আমি নুশুনিলো
    মাটি আমাৰ।
নেতাই ক’লে ঃ এইদৰে এইসময়ত খাবলৈ দাবি নকৰিবা।
  ভঁৰাল উদং— বিদেশী শত্ৰুক বাধা দিয়া
    জাতিৰ জীৱন ৰক্ষা কৰা।
বহুবাৰ ৰক্ষা কৰা হ’ল।
এইদৰে আমাৰ ভঁৰাল উদং কৰি
সিহঁত পকা আপেলৰ দৰে হ’ল।
কাৰণ সিহঁতে এইদৰে কাৰখানাত
  ট্ৰেক্টৰৰ সলনি বন্দুক তৈয়াৰ কৰিলে
  ফ্ৰিজ তৈয়াৰ কৰিলে।
  আণৱিক অস্ত্ৰ গঢ়িলে।
শান্তি প্ৰতিষ্ঠাৰ নামত সিহঁতে জুইত পুৰিছে আমাক।

আমি মনে মনেই আছিলো।
কিন্তু সিহঁতে জ্বলোৱা জুয়ে আমাক জ্বলাই মাৰিছে।
মোৰ ডাক্তৰ ভাইটোৰ নাড়ী-ভুৰু সিহঁতে
  বেয়’নেটেৰে উলিয়াই নিছে
কাৰণ সি পইচা নোলোৱাকৈ ৰোগ নিৰাময় কৰি
  ঘৰে ঘৰে ঔষধ বিলাই ফুৰিছিল।

মোৰ ইংৰাজীৰ ডক্টৰেট ভাইটোৱে সিহঁতৰ সংবিধানৰ লেখাবোৰ
অনুবাদ কৰি ছাত্ৰক পঢ়াইছিল বাবে
ডকাইতি কেচত তাক গুলি কৰি মাৰিলে সিহঁতে।
মোৰ গায়িকা ভনীজনী
তাইৰ কণ্ঠত বিদ্ৰোহৰ সুৰ বজা বাবে
গৰ্ভত কমিউনিষ্টৰ সন্তান থকা বুলি
ভ্ৰূণসহ নিশ্চিহ্ন কৰিবলৈ
তাইক বেয়’নেটেৰে খুঁচি-খুঁচি মাৰিলে সিহঁতে।
যি অমৃত বক্ষই আমাক জীৱন দিলে
সেই মাতৃৰ বক্ষ ছিঙি সিহঁতে ঢোপ খেলিলে।

আমি মনে মনে থাকিলো
সকলো মনে মনে থাকিল
আকাশ মনে মনে থাকিল
বতাহ মনে মনে থাকিল
গৰ্জমান সাগৰ মৌন হ’ল সিহঁতৰ বীভৎসতাত
গৰ্জমান সমুদ্ৰ স্তব্ধ হ’ল জোৱাৰৰ তাণ্ডৱ নিচাত।
এতিয়াও শ্মশান ৰখীয়াই কৈছে ঃ
তোমালোক ওলাই নাযাবা
  শ্মশানৰ শৃংখলা ভাঙিব!
এতিয়া কেৱল শৃংখলা মানি চলিছে
মানৱ জাতিৰ সেই মহা মহা পুৰুষসকলে
নিঃশব্দে শান্তিত মাৰাৰ বাবে
সিহঁতে কৰিছে নিউট্ৰন কিম্বা
  পাৰমাণৱিক বোমা আৱিষ্কাৰ
শৃংখলিত সমাজৰ কাৰণে কৰিছে নিবীৰ্যকৰণ
আইন ভাঙি কৰিছে নতুন নতুন আইন
যাতে মানুহৰ উপকাৰী সেইবোৰ প্ৰাণীয়ে
খাদ্যত বিষক্ৰিয়া শান্তিত কৰিব পাৰে
যাতে শব্দ নোহোৱাকৈ মাৰিব পাৰে
সম্পদৰ সকলো ভঁৰাল এন্দুৰৰ দৰে লুটি নিব পাৰে।

আমি মনে মনে থাকিব বিচাৰো
আমি শান্তিত থাকিব বিচাৰো
কিন্তু সিহঁতে আমাৰ শান্তিৰ সমদলত
জাঁয়ে জাঁয়ে গুলীবৰ্ষণ কৰে
লাঠি চাৰ্জ কৰে
টিয়েৰ গেছ উৰায়
শান্তি প্ৰতিষ্ঠাৰ বাবে
কেৱল সিহঁতৰ শান্তি প্ৰতিষ্ঠাৰ বাবে

বিশ্ৰী শব্দ শুনিলে মই এদিন পঢ়িব পৰা নাছিলো।
মানুহে মাগি ফুৰা দেখিলে মই এদিন ভাত খাব পৰা নাছিলো
ৰোগী মানুহ দেখিলে মোৰ ঘিণ লাগিছিল
কাঁইটৰ আঁচোৰত তেজ ওলালেও মূৰ্চ্ছা গৈছিলো মই
এতিয়া মই যিফালে খোজ কাঢ়ো সিফালেই মগনীয়া
এতিয়া মই যিফালে খোজ কাঢ়ো সিফালেই মৰাশ’
সৰ্বাংগ এতিয়া মোৰো ক্ষত-বিক্ষত
ময়ো সেই অগণন কংকাল আৰু মৰাশৰে এজন।

তথাপি মই নিহত হৈয়ো প্ৰতিবাদ কৰো
হাতৰ লাখুটি পেলাই দিলো
হাতৰ জোলোঙা দলিয়াই দিলো
বিক্ষত শৰীৰেৰে দৌৰি গ’লো
চোৱা চোৱা— এয়া পতাকা নহয়
চোৱা চোৱা এয়া তেজ নহয় বেলিৰ পোহৰ

বতাহে উৰুৱাই আনিছে মোক
সাগৰৰ জোৱাৰে আনিছে মোক
শ্মশানৰ হুমুনিয়াহে আনিছে মোক
কাৰাৰ কপাটে আনিছে মোক
বেয়’নেটৰ খোঁচত
গুলীৰ আঘাতত
সৌকাৰ কোবত
মোক জন্ম দিছে সিহঁতে
লোৱা, লোৱা মোক হাতত তুলি লোৱা।

কবিকণ্ঠ, পৃষ্ঠা ৪৪–৪৮

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.