অৱনী চক্ৰৱৰ্তীক প্ৰথম কেতিয়া লগ পাইছিলো, এতিয়া মনত পেলাব পৰা নাই; বয়সৰ লগে লগে স্মৃতিও লাহে লাহে ধূসৰ হৈ আহিছে। তথাপি তেওঁক বহুবাৰ লগ পাইছোঁ, তেওঁৰ বুকুৰ যন্ত্ৰণাৰ বাঁহীৰ অমিয়া মাধুৰী পান কৰিছোঁ;– মাটিৰ মানুহ তেওঁ, মাটিৰ নিচেই কাষতে থাকি শুনিছিল দুখৰ ৰামায়ণ, বিচাৰিছিল দুঃস্থ জনতাৰ মুক্তি। তেওঁ স্বপ্ন দেখিছিল সঁচা, কিন্তু দুঃস্বপ্নয়ো তেওঁৰ যন্ত্ৰণা বঢ়াইছিল। তেওঁৰ সচেতন মন কিন্তু আশাবাদী। ছাঁ চাই নচা মানুহ তেওঁ নহয়, নিজক জানি-বুজি কল্পনা, বুদ্ধি আৰু গভীৰ অনুভূতিৰে বাস্তৱ জীৱনৰ মৰ্ম-বস্তুক ব্যঞ্জিত কৰিব পৰা শব্দ বুটলি ফুৰিছিল তেওঁ; অভিজ্ঞতাক মথি শব্দৰ ভাস্কৰ্য নিৰ্মাণ কৰাৰ ক্ষমতা তেওঁৰ আছিল। এটা সমৃদ্ধ জ্যোতিৰ্ময় মহাজীৱন নিৰ্মাণৰ উদ্দেশ্যই তেওঁৰ কবিতাক দিছিল সুকীয়া মূল্য। শ্লোগানধম¹ কবিতা নহয়, মানুহৰ দুখ-যন্ত্ৰণাৰ ব্যঞ্জনাময় প্ৰতিচ্ছবিৰে উজ্জ্বল তেওঁৰ কবিতাৱলী শ্লেষ আৰু প্ৰেমৰ বিচিত্ৰ বৰ্ণালী বুলিব পাৰি। তেওঁৰকবিতাৰ উৎস মানুহ; যি মানুহ আৱহমান কাল শোষিত আৰু পীড়িত হৈ আহিছে। প্ৰকৃততে তেওঁ সেই মানুহবোৰৰ স’তে একাত্ম হৈ লৈহে আত্মপ্ৰকাশ কৰিছে। এইবোৰ মানুহৰ মাত নাই, তেওঁবিলাকৰ বুকুৰ কান্দোন তেওঁ শুনিছিল, তেওঁবিলাকৰ ভাব-অনুভূতি কি বুজি পাইছিল। তেওঁ অনুভৱ কৰিছিল, তেৱোঁ এই মানুহবোৰৰ দৰে কাৰাগাৰত বন্দী। তেওঁ বন্দী মাছৰ দৰে, মুক্তভাৱে পানীত বিচৰণ কৰিব নোৱাৰে, উশাহ ল’ব নোৱাৰে; কিন্তু তেওঁৰ দৃষ্টি আছিল বলিষ্ঠ। যি প্ৰাণহীন একুৱাৰিয়ামত তেওঁ বন্দী, তাৰ দেৱাল তেওঁৰ দৃষ্টিয়ে ভেদ কৰিছিল। বীভৎসতাই তেওঁক উ\ান্ত, যন্ত্ৰণাৱিদ্ধ আৰু অস্থিৰ কৰি তুলিছিল। ‘সংবেদনশীল মানুহ তেওঁ, হয়তো যন্ত্ৰণাক্লিষ্ট মনক সংযত কৰিব নোৱাৰি তেওঁ নিৰুদ্দিষ্ট হ’ল। আমালৈ থৈ গ’ল সৃষ্টিৰ প্ৰেৰণা– যাৰে আমিও হয়তো তেওঁ ভবাৰ দৰে ‘নজন্মা কবিৰ আয়ু’ৰে আয়ুষ্মান হ’ব পাৰিম। তেওঁ আছিল ভৱিষ্যতৰ দ্ৰষ্টা। অৱনী মহৎ কবি নহয়, কিন্তু কবিতাৰ সৌধক বৃহত্তৰ পটভূমিত প্ৰতিষ্ঠা কৰাৰ সাধনা তেওঁ কৰিছিল।
অৱনী অধ্যয়নশীল কবিও, নিজৰ প্ৰগতিশীল উদ্দেশ্য আগত ৰাখি তেওঁ দেশ-বিদেশৰ, বিশেষকৈ ৰুছ, চীন, দক্ষিণ আফ্ৰিকা আদি ঠাইৰ কবিতা অধ্যয়ন কৰিছে। অকল অধ্যয়নেই নহয়, সেইবোৰৰ সাৰ্থক অনুবাদো কৰিছে। ইয়াৰ পৰা বুজা যায়, এনে অনুবাদৰ জৰিয়তে আন্তৰ্জাতিক প্ৰগতিশীল ভাৱনাৰ লগত অসমৰ কবিসকলৰ পৰিচয় গাঢ় কৰিবলৈ তেওঁ যত্ন কৰিছিল। এনে অনুবাদ চৰ্চাই তেওঁৰ কবিতাৰ প্ৰকাশ-ৰীতিক এটা সুকীয়া গাম্ভীৰ্য দিছিল বুলিব পাৰি। আৰম্ভণিৰ কবিতা আছিল স্বচ্ছ আৰু সহজ।
কোনে আনে মোৰ
সুফলা দেশলে
ভীষণ আকাল মাতি
সূৰ্যৰ দৰে টগবগ কৰে
জ্বলি আছে মোৰ বুকু
ঘৃণ্য ইতিহাস
হওক পুৰি ছাই
জ্বলক সুপ্ত বিচুবিয়চৰ জুই… [কাৰ সহায়ত সিহঁতে যুঁজে]
কিন্তু পিচত লিখা তলৰ স্তৱকবোৰৰ ভংগীত এটা সুন্দৰ বক্ৰতা আছে–
[১] … চকু গজিলে আমি দেখো
সমুখৰ পাহাৰ পিচৰ পৰ্বত তলৰ গাঁত
মেঘ ছাঁয়া ৰ’দ দিন ৰাতি সাঁজ সন্ধ্যা পুৱা গধূলি
[কনচেনট্ৰেশ্যন কেম্পত]
[২] ইচ্ছা যোৱা নাৱৰীয়াৰ চকুত
পানী শুকাইছে
ঘাটে ঘাটে বালিচৰ
ঘঁৰিয়ালে কণী পাৰিছে
পাৰে পাৰে মাতাল হাতীৰ কদম
ডিঙিত নাচিছে লাংচিং [মজিয়া ভকেভকায়]
[৩] তেনেহ’লে সঁচাই ঘটিব অৰণ্যকাণ্ড। লংকাকাণ্ডৰ
ব্যাখ্যা মোৰ কলমে নেজানে। মুঠতে মোৰ
ভাব হৈছে দুয়োকাষৰ ইউকেলিপটাছবোৰে
মাটিৰ ৰক্ত মাংস শুহি খাইছে। উগাৰি দিছে
কাৰ্বন মনোক্সাইড।
মই আৰু নুলুÿকাওঁ। [আত্মগোপন]
[৪] হে পোৰা পোৰা দুৰ্গন্ধ বতাহ
আঁতৰাই দিয়া আকুল সেই প্ৰাৰ্থনা
তমসো মা জ্যোতিৰ্গময় [অক্ষমতাৰ বাবে]
এই স্তৱকবোৰ অৱনীৰ যন্ত্ৰণাই বিন্ধা হৃদয়খনৰ আশা-নিৰাশাৰ সাৰ্থক ব্যঞ্জনাময় অকৃত্ৰিম প্ৰকাশ। প্ৰথম স্তৱকটোত ‘চকু গজিলে’ কথাষাৰ অৰ্থব্যঞ্জক। গতিশীল হ’লে, বস্তুনিষ্ঠভাৱে চালে আমি দেখিম, প্ৰগতিৰ পথ তেনেই কণ্টকাকীৰ্ণ, বাধাগ্ৰস্ত হৈ পৰিছে। কবিৰ এই উপল¿ব্ধ কিছুমান সহজ প্ৰতীকৰ দ্বাৰা প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয়টো স্তৱকত কবিয়ে উজাই যোৱা নাৱৰীয়াৰ চকুতে শুকুৱা চকুৰ পানী [উজাই নাৱৰীয়া, বালিভাতে খালে, গচকি পুতিলে টৌ– স্মৰণীয়], বালিচৰ, ঘঁৰিয়ালৰ কণী, মাতাল হাতীৰ কদম (আহোম বুৰঞ্জীৰ বলিয়া হাতীৰ কথা মনলৈ আহে)—এনেবোৰ ইমেজৰ সহায়ত সহজেই আজিৰ পৰিস্থিতিৰ সাৰ্থক ব্যঞ্জনা কৰিছে। তৃতীয় স্তৱকত স্বপ্ন দেখা মাটিৰ মানুহ হাউলি পৰা দেখি ‘অৰণ্যকাণ্ড’ৰ কথা কবিয়ে ভাবিছে। শোষকৰ প্ৰতীক ইউকেলিপ্টাছৰ শোষণ চলিছে, কেউফালে কাৰ্বন মনোক্সাইডৰ বিষবাষ্প। এই মুহূৰ্তত আত্মৰতি বা আত্মগোপনৰ প্ৰশ্ন নাই—সেয়ে তেওঁ কৈছে ‘মই আৰু নুলুকাওঁ।’ কবিৰ কলমে জানে প্ৰেম, লংকাকাণ্ডৰ হিংসা কলমৰ অগোচৰ। বিষবাষ্পৰ মাজত কবি ভৰি দি কিছু পৰিমাণে নিৰাশো হৈছে। কবিয়ে এতিয়া পোৰা পোৰা গোন্ধ পাইছে। তেওঁ বিব্ৰত, তেওঁৰ ধাৰণা হৈছে–‘তমসো মা জ্যোতিৰ্গময়’ তাহানিৰ এই আকুল প্ৰাৰ্থনা এই ‘অদ্ভুত অন্ধকাৰত’ অচল। অৱশ্যে, কবি আশাবাদীও। তেওঁ সেয়ে কৈছে:
কাউৰী পুৱাতে এদিন
চোতাল সাৰিব আহি
নাচনীয়ে দেখিব
ভুমকাত ৰাতিপুৱা বাজিব চিফুং
টি হি টি টি ল ল
লখিমী পথাৰে হাঁহিব…
এইটো মহাজীৱনৰ ইংগিত, ইয়াৰ মূলত আছে প্ৰেম। কবিৰ মতে ভুল বাসনাৰ বাবেই প্ৰেম পৃথিৱীৰ পৰা অন্তৰ্হিত হৈছে। ইংৰাজ কবি অডেনে কৈছিল, I ব্ধhপ্সuন্ধhব্ধ চ্ঞপ্সvঙ্গ ভ্ৰপ্সuচ্ঞস্তু চ্ঞaব্দব্ধ ন্দ্ৰপ্সব্জঙ্গvঙ্গব্জ, I ভ্ৰaব্দ ভ্ৰব্জপ্সnন্ধ. আমাৰ কবিয়ে কিন্তু দুৰ্গন্ধ বতাহক সম্বোধন কৰি যিখিনি কৈছে, সেইখিনিত এটা শ্লেষাত্মক ইংগিতহে আছে। সেয়ে তেওঁ আশাবাদী। ‘বাসনাই ভাঙি পেলায়যএটা প্ৰেমৰ শৰীৰ’ বুলি অৱনীয়ে কৈছে যদিও সামগ্ৰিক দৃষ্টিত আশা তেওঁৰ প্ৰিয় অনুভূতি। এদিন ফুল ফুলিব, চোতালে চোতালে জোনাক পৰিব, সকলো দুৰ্গন্ধ নিঃশেষ হ’ব– এনে এক প্ৰত্যয় তেওঁৰ আছিল। এই প্ৰত্যয়শীল উত্তৰণৰ পথেই অৱনীৰো পথ।
নিৰুদ্দিষ্ট হোৱাৰ এমাহমানৰ আগতে অৱনী এদিন মোৰ ওচৰলৈ আহিছিল। তেওঁক লগ পাই ভাল পাইছিলো। মানুহটোৰ মনত বহুত আঁচনি, বহুত কল্পনা। পিতাদেৱেক ৰজনীকান্ত চক্ৰৱত¹ৰ নামত এটা কবিতা পুৰস্কাৰৰ প্ৰবৰ্তন কৰিব খোজে। ন্যাস আৰু অন্যান্য আঁচনিৰ কথা ক’লে। মই সুধিলো, পইচাৰ কথাটো কি হ’ব· অৱনীয়ে মোক আশ্বাস দি ক’লে যে সেইটো তেওঁ ভাবিছে আৰু সময়ত হৈ যাব। আৰু কিবাকিবি কৈছিল, মনত নাই। কিন্তু এই কামটো আৰম্ভ হৈছে যদিও বোধকৰো সম্পূৰ্ণ হোৱা নাই। সি যি কি নহওক, সাহিত্য-সংস্কৃতিৰ সকলো দিশতে সমানে উৎসাহী অৱনী চক্ৰৱত¹ৰ এই পবিত্ৰ ইচ্ছা এতিয়াও পূৰণ কৰিব নোৱাৰিনে· আশাকৰো গুণমু*সকলে কথাটো ভাবি চাব। ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’, ‘জাকৰুৱা নাও বামেও যায়’। এনেবোৰ কথাৰ মৰ্ম আমি নিশ্চয় বুজোঁ। সকলো লগ লাগি কামটো সম্পূৰ্ণ কৰিলে এটা ভাল কাম হ’ব। তৰুণচাম কবিৰ কথা অৱনীয়ে দকৈ ভাবিছিল বাবেই সম্ভৱতঃ এনে এটা আঁচনি কৰিছিল আৰু এনেকৈ মৰ্মন্তুদভাৱে হেৰাই নোযোৱা হ’লে আৰু বহু কাম কৰিলেহেঁতেন নিশ্চয়। তৰুণসকলো তেওঁৰ বন্ধু, এই বন্ধুসকল ‘আহত’ হোৱাটো তেওঁ বিচাৰিছিল। তেওঁ ‘কবি-কণ্ঠ’ত কৈছেঃ
বন্ধুক বুকুৰ ক্ষত দেখুৱাই
ক’বতো নোৱাৰোঁ
কান্দা অনুভৱ কৰা মোৰ দুখ
যদি তেওঁ আহত নহয়।
ইয়াৰ অৰ্থ হ’ল, বন্ধুসকলো তেওঁৰ সহযাত্ৰী হ’ব লাগিব, বুজিব লাগিব মানুহৰ দুখ, তেওঁলোকৰ হৃদয় হ’ব লাগিব যন্ত্ৰণাবিদ্ধ। এনে বন্ধুৰ স’তে তেওঁৰ যাত্ৰা সুচল হ’ব। তেওঁ কৈছেঃ
দুখৰ দুদণ্ড জিৰণিৰ শান্তি
এইদৰে আঁজুৰি আঁজুৰি টানি
আগুৱাও আমি।
ইয়াত ‘আমি’ শব্দটো মন কৰিবলগীয়া; কবি অকলে নেযায়, লগত থাকিব জীৱনৰ সত্যক উপল¿ব্ধ কৰা সতীৰ্থসকলো। এনে হৃদয়ৱান মানৱ-দৰদী কবিৰ ইচ্ছা আমি পূৰণ কৰাটো উচিত। সোঁতত উটি নহয়, জীৱন-যন্ত্ৰণাক উপল¿ব্ধ কৰি মনক সংযত আৰু গতিশীল ৰূপ দি প্ৰতিবাদী মনোভাৱেৰে যি আগুৱাব খোজে, তেৱেঁই কবিৰ বন্ধু আৰু সহযাত্ৰী। সেইসকলক কবিয়ে হিয়া উবুৰিয়াই ভাল পায়। অৱনীৰ সকলো কামতে এই বন্ধু-প্ৰীতি আছিল। কবিতা, চলচ্চিত্ৰ, চিত্ৰকলাৰ পৰা আৰম্ভ কৰি সংস্কৃতিৰ প্ৰায় সকলো দিশতে এটা মানৱ-মুক্তিৰ সুৰ সংযোজন কৰিবলৈ বিচাৰিছিল তেওঁ– এই উদ্দেশ্যেই আলোচনীৰ সম্পাদক হৈছিল, অমূল্যৰ স্মৃতিক জীৱন্ত কৰিবলৈ উঠি-পৰি লাগিছিল। অমূল্যও তৰুণচামৰ বাবে প্ৰেৰণা হ’ব পাৰে বা হৈছেও। অৱনীয়ে এইবাবেই অমূল্যৰ জীৱন-স্মৃতিলৈ আঙুলিয়াই দিছিল। চিনে আৰ্ট ছ’চাইটি, ললিত কলা সংগ্ৰাম সমিতি– এইবোৰৰ সদস্য হোৱাৰ মূলত আছিল সমসাময়িক পৰিস্থিতিত সংস্কৃতিৰ প্ৰতিবাদী ভূমিকা সম্পৰ্কে তেওঁৰ আন্তৰিক সজাগতা। তেওঁৰ সাংস্কৃতিক তৎপৰতাৰ মাজত সামগ্ৰিক দৃষ্টি আছিল সঁচা, তাৰ লগতে ব্যক্তিৰ আত্মাকো বৰ্তমানৰ পাপ-পংকৰ পৰা উদ্ধাৰ কৰাৰ বাসনা এটাও তেওঁৰ আছিল। তেওঁৰ বাবে কবিতা আছিল জীৱন-ৰেখা– ই ব্যক্তিবাদৰ নতুন ধাৰণা দিব পাৰে। ব্যক্তি এজন শোষক হ’ব নোৱাৰে; তেওঁ ‘মানুহ’ হ’ব লাগিব। অন্যায় দেখিও তেওঁ নীৰৱ হৈ থাকিব নোৱাৰিব। মধ্যবিত্তৰ অন্তঃসাৰশূন্য চৰিত্ৰক অৱনীয়ে এইবুলি কটাক্ষ কৰিছেঃ
ছহিদ নহ’লো।
গুলীয়াগুলিলৈ যোৱা নাই।
লাঠি-গোৰ খাবলৈ
সমদল নুলিয়ালো
কথা নক’লো
প্ৰতিবাদ নকৰিলো একোৰেই। [কবি]
অসমত এটা সময়ত ব্যক্তিমানুহ ইমান বি¿২৬ন্ন আৰু জনবিমুখ নাছিল। এতিয়া ব্যক্তিৰ ধাৰণাই সলনি হৈছে। তেওঁ আজি নিজকে এইবুলি প্ৰশ্ন নকৰেঃ
এই ৰক্ত-বিধৌত মাটিত
আমি জানো জন্মা নাই·
সম্প্ৰতি [১৯৯৬, পুথি নিকেতনৰ সৌজন্যত] ঋত্বিক চক্ৰৱত¹ আৰু ভূপেন চক্ৰৱত¹য়ে যুটীয়াভাৱে অৱনীৰ নিৰ্বাচিত কবিতা উলিয়াইছে বুলি শ্ৰীমতী অদিতিৰ পৰা গম পাইছোঁ। অৱনীৰ মনৰ এই আন্তৰিক প্ৰকাশবোৰে নতুন প্ৰজন্মক উৎসাহিত কৰিব, আৰু সৃষ্টি কৰিবলৈ প্ৰেৰণা দিব। শব্দৰ এটা বিশেষ শক্তি আছে। আমাৰ ঋষি-মুনিসকলে যাক বাক বুলিছিল, সেয়ে শব্দ। ঋকবেদৰ মতে বাক বা শব্দই গীত গায় আৰু জগতক ৰক্ষা কৰে। এনেবোৰ কথা সাঁথৰ যেন লাগিলেও, শব্দৰ যে কল্যাণকৰ দিশ এটা আছে, সেইটো ঠিক। অৱনীয়ে এই দিশটোৰে উপাসনা কৰিছিল কায়মনোবাক্যে, ছন্দপতন হয়তো হৈছে, কিন্তু ছন্দক তেওঁ শয়নে-সপোনে বুকুত বান্ধি লৈ ফুৰিছিল। ছন্দই জীৱনৰ ফুল ফুলাব পাৰে। এনে ধাৰণা তেওঁৰ আছিল। তথ্য আমাক লাগে সঁচা, কিন্তু তথ্যই সকলো নহয়, ধাৰণা বা চিন্তাৰ প্ৰয়োজন আছে। জীৱন আৰু জগতত কিহৰ পৰা কি হৈছে, কিয় ঘটনাবোৰ ঘটিছে, সেই সম্বন্ধে প্ৰশ্ন কৰা, জনা দৰকাৰ। অৱনীৰ এই গুণ আছিল। অসমীয়া তৰুণ-তৰুণীয়ে এই গুণটো আহৰণ কৰিলে অসমত বৌদ্ধিক বিকাশ হ’ব বুলি আশা কৰিব পাৰি। অৱনী চক্ৰৱত¹ৰ নিৰ্বাচিত কবিতা সংগ্ৰহৰ সম্পাদকদ্বয়ক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কামটো নিশ্চয় প্ৰশংসনীয়।
সামৰণিত কওঁ, অসম তথা ভাৰতবৰ্ষত বৰ্তমান আঞ্চলিক ভাষা, সাহিত্য-সংস্কৃতি অৱহেলিত হৈছে। বিশ্বায়নে সৃষ্টি কৰা পৰিৱেশত ইংৰাজী ভাষাৰ প্ৰতি আমাৰ আকৰ্ষণ বাঢ়িছে। অসমীয়া পুথিৰ পাঠকৰ সংখ্যা কমি আহিছে। কবিতা, উপন্যাস, গল্প, নাটক আৰু চিন্তাশীল প্ৰবন্ধৰ পাঠক হ্ৰাস পাইছে। সৃষ্টিশীল সাহিত্য এতিয়া লেখক-লেখিকাৰ বন্ধু-বান্ধৱৰ মাজতে আৱদ্ধ থাকে। কেৱল জীৱিকা-সন্ধানী চৰিত্ৰৰ বাবেই আজিৰ শিক্ষিত ডেকা–গাভৰু সাহিত্যবিমুখ হৈছে নেকি· হ’ব পাৰে; কেৰিয়াৰৰ ওপৰতে অধিক গুৰুত্ব দিয়া তৰুণ শিক্ষিতে ইংৰাজী পঢ়িবলৈ বিচৰাটো স্বাভাৱিক। ইংৰাজী পঢ়িব লাগে, কিন্তু তাৰ অৰ্থ নিজৰ সংস্কৃতি বাদ দিয়া নহয়। এতিয়া বিদেশী সাহিত্যৰ অনুবাদো কমি আহিব বা আহিছে। অনুবাদৰ প্ৰয়োজন নাই, ইংৰাজীত পঢ়িলেই হ’ল। এই অৱস্থাত অৱনী চক্ৰৱত¹ৰ দৰে কবিতা-প্ৰাণ আৰু কবিতা তথা সংস্কৃতিৰ বাবে উৎসৰ্গিত এজন ব্যক্তিক অসমীয়াই মূৰকত পাহৰি গ’লে বৰ দুখৰ কথা হ’ব। আমাৰ লেখক-লেখিকাসকলক সৰহভাগ অসমীয়া মানুহেই চিনি নেপায়, দেশৰ বেছিভাগ মানুহেই নিৰক্ষৰ, কিছুসংখ্যক সাক্ষৰ, অৰ্থাৎ ক-ক, খ-খ লিখিব পাৰে। সাহিত্যৰ মৰ্ম বুজা বা ৰস উপল¿ব্ধ কৰাৰ জোখাৰে এওঁলোকে মানসিক বা বৌদ্ধিক শক্তি আহৰণ কৰিব নোৱাৰে। গতিকে সাহিত্য-সংস্কৃতি এলিট তথা উচ্চশিক্ষিতসকলৰ কৰায়ত্ত, বাকী সৰহসংখ্যক মানুহ সাহিত্যৰ পৰা বঞ্চিত। আমাৰ দেশৰ এইটোৱেই ডাঙৰ ব্যাধি।দেশত সম্পদৰ অভাৱ নাই, কিন্তু সকলো সম্পদ কিছুসংখ্যকে গ্ৰাস কৰিছে। সাহিত্য-সংস্কৃতিৰ বেলিকাৰ কথা একেটাই। মই যদি কওঁ আমাৰ বেজবৰুৱা, জ্যোতিপ্ৰসাদক শতকৰা পোন্ধৰজনেহে বুজি পায়, তেন্তে বৰ ভুল কোৱা নহ’ব যেন লাগে। বাকী পঁয়সত্তৰজনৰ ঘৰলৈ জ্যোতিপ্ৰসাদ গৈছে জানো· নাই যোৱা। ইয়াৰ বাবে নিৰক্ষৰতা দূৰীকৰণ কৰিব লাগিব। অকল সেয়ে নহয়, মানুহৰ সৌন্দৰ্যবোধ অথবা বস্তুনিষ্ঠ ৰুচিবোধ বিয়পাই দিব লাগিব। আমাৰ মনীষীসকলক ঘৰে ঘৰে পৰিচয় কৰাব পাৰিলেহে তেওঁলোকৰ জয়, নহ’লে পৰাজয়। ৰবীন্দ্ৰনাথে তাহানিয়েই কৈছিল,
যতই উঠে হাসি
ঘৰে যতই বাজে বাঁশি
যত গৃহ সাজাই আয়োজনে
যেন তোমায় ঘৰে হয়নি আনা, সে কথা ৰয় মনে
যেন ভুলে না যাই,
বেদনা পাই শয়নে স্বপনে
অৱনীৰো শয়নে-সপোনে এই বেদনা আছিল। সৃষ্টি আৰু স্ৰষ্টাক প্ৰতিখন ঘৰলৈ লৈ যোৱাৰ চেষ্টাত তেওঁ ব্ৰতী আছিল। আমাৰেই দুৰ্ভাগ্য, সেই অৱনী হঠাৎ নিৰুদ্দিষ্ট হ’ল। এয়া ভাগ্যৰ কথা নহয়, আমাৰ দেশৰ পৰিস্থিতিয়েই তাৰ কাৰণ। মহাপুৰুষ, মনীষীসকলক লৈ আমি যি উৎসৱ পাতোঁ, সেই উৎসৱৰ বাণী ক্ৰমাৎ ঊৰ্ধমুখী হয় আৰু এটা সময়ত ধূলিত বাগৰি পৰে। আমাৰ ঘৰবোৰ যি অন্ধকাৰত আছে, সেই অন্ধকাৰতে থাকি যায়। আনুভূমিক প্ৰচেষ্টাৰে দেশৰ ব্যাধি আঁতৰাবলৈ হ’লে আমাৰ সকলোকে অন্তৰ্দৰ্শনৰ প্ৰয়োজন। দুখৰ দিনত জাকজমক উৎসৱ-সমাৰোহ পতাটো অশোভনীয়, জয়ৰ আনন্দ কিবা কৰিবলগা থাকিলেও তাক অত্যন্ত বিনম্ৰভাৱে, নীৰৱে আত্মস্থ কৰা উচিত। প্ৰশাসকসকলে সেৱাৰ আদৰ্শৰে জনজীৱনৰ শ্ৰীবৃদ্ধি কৰক– যাতে সংস্কৃতিৰ বন্তিৰ পোহৰ ঘৰে ঘৰে পৰে। তেতিয়া অৱনীৰ দৰে কবিৰ আত্মাই তৃপ্তি পাব।