আমাৰ দু-আষাৰ
কবি অৱনী চক্ৰৱৰ্তীৰ জীৱনৰ অসংখ্য টুকুৰা স্মৃতি বহুজন খ্যাত-অখ্যাত লোকে লৈ ফুৰিছে এতিয়াও। সেই ভিন্ন স্মৃতিৰ কিছু অংশহে আমি এই সংকলনত সন্নিৱিষ্ট কৰিব পাৰিলো। এই প্ৰয়াস চলি থাকিব। তেখেতৰ একান্ত ব্যক্তিগত লিখনিটোও [১২ নৱেম্বৰ, ১৯৯৪, শনিবাৰ] আমি এই সংকলনত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিলো। তেখেতৰ জীৱন আৰু সৃষ্টিৰ বিষয়ে আলোকপাত কৰা এই লিখনিসমূহ যথাসময়ত আমাৰ হাতত তুলি দিয়া বাবে আটাইকেইগৰাকী লিখকলৈ জনালো অশেষ কৃতজ্ঞতা। সংকলনটিত কবিগৰাকীৰ কেইটিমান গদ্য আৰু কবিতাও প্ৰকাশ কৰা হ’ল। সংকলনটিৰ নামটি নিৰ্বাচন কৰি দিয়া বাবে বন্ধুবৰ বিশিষ্ট সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিদেৱকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।কবিগৰাকীৰ প্ৰতিকৃতিখন আঁকি শিল্পী শোভাকৰ লস্কৰে ইতিমধ্যেই বহু লোকৰেই প্ৰশংসা পাইছে, তেওঁৰ প্ৰতিও আমি চিৰকৃতজ্ঞ হৈ ৰ’ম। অগ্ৰজ শিল্পী পুলক গগৈদেৱে নিজ প্ৰচেষ্টাতে কবিগৰাকীৰ অন্তঃমনক চিত্ৰৰ ৰূপ দিয়াত, অতি শেহতীয়াভাৱে কৰা এই চিত্ৰখনকো বেটুপাতৰ এটা অংশৰূপে সন্নিৱিষ্ট কৰা হ’ল। তেখেতলৈও আমি জনাইছো অশেষ ধন্যবাদ। আমাৰ মৰমৰ মৃণাল শৰ্মা, গুজৰাট বায়ন আৰু জগদীশ কলিতাৰ সহায়-সহযোগিতাই আমাক সঁচাকৈয়ে আপ্লুত কৰিছে। কবিতা প্ৰকাশনৰ জন্ম দিছিল কবি অৱনী চক্ৰৱৰ্তীয়ে। আৰু তেখেতৰ অনুপস্থিতিত আমি প্ৰথমবাৰৰ বাবে তেওঁৰেই পৰিয়ালে এই কবিতা প্ৰকাশনৰ মাধ্যমেৰে এই গ্ৰন্থজগতৰ মহান পথত খোজ পেলাইছো। আমাৰ আশা, পঢ়ুৱৈ সমাজে আন্তৰিকতাৰে আমাক আদৰি ল’ব আৰু প্ৰয়োজন অনুসৰি সুপৰামৰ্শও আগবঢ়াব।
কবিতা প্ৰকাশনৰ হৈ
৩ জানুৱাৰী, ২০০৯ শ্ৰীমতী গায়ত্ৰী চক্ৰৱৰ্তী