| |

কাৰ সহায়ত সিহঁতে যুঁজে

কাৰ সহায়ত সিহঁতে যুঁজে
মোৰেই কান্ধত বন্দুক থৈ
বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু
অথচ
অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু
মোৰেই অপমান!
কোন শক্তিমান?
ঘৃণিত বাঘ?

শান্তিৰ নামত সিহঁতে যি
আটাহ পাৰি গায়
ধৰ্ম বুলি সিহঁতে কৰে ঘৃণ্যলীলা।
শান্তি মানে সিহঁতে বুজে
নিৰ্বিবাদে হত্যাকাণ্ড চলাই নিয়া
চলচাতুৰি,

বৰ্ণবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ লৈ
‘সমাজবাদ’ৰ ছিটিকা সাজি
সিহঁতেই দিয়ে থৈ।

কাৰ সহায়ত সিহঁতে যুঁজে?
দুৱাৰ মুখত মোকেই ৰখীয়া থৈ
উদং কৰি কাঢ়ি লৈ যায়
সেউজ সেউজ মোৰ লখিমীৰ
সেউজ বুকু
মোৰেই অন্ন খায়
মোৰেই পিঠিত চাবুক হানি যায়
বুজিছো আজি
শতকৰা ত্ৰিশ ৰেহাই মূল্যত
কাৰ এই ৰাজনীতি
কোনে আনে মোৰ
সুফলা দেশলে’
ভীষণ আকাল মাতি

সূৰ্যৰ দৰে টগ্‌বগ্‌ কৰে
জ্বলি আছে মোৰ বুকু
ঘৃণ্য ইতিহাস
হওক পুৰি ছাই
জ্বলক সুপ্ত বিচুবিয়চৰ জুই।
ঘৃণিত শোষক
মৰ আকালত নিহত মোৰেই
হাজাৰ হাজাৰ
ভাই-ভনীৰ
পঞ্জৰ অস্থি গোটাই গোটাই
সাজিছো তোৰেই মৃত্যু-চিতা
শেষ হ’ক তোৰ এই ঘৃণা
শোষণৰ ইতিহাস।

কবিকণ্ঠ, পৃষ্ঠা ১৪–১৫

Similar Posts

  • | |

    হাতত তুলি লোৱা

    মই মনে মনে থকাটোৱে সিহঁতে বিচাৰে ময়ো বিচাৰো শান্তিত থাকোঁ মুকলি মনে ফুৰো আৰু গান গাঁও। মনে মনেই আছিলো। এদিন পিচে সিহঁতেই মোক ৰাজপথলৈ মাতি আনিলে কিন্তু কেনেকৈ কেনেকৈ মই আজি থিয় হ’লো তোমাৰ লগত? এদিন সিহঁতে মোৰ চোতালৰ ধানবোৰ তুলি নিলে এদিন সিহঁতে মোক জোৰ কৰি কিনি নিলে এদিন সিহঁতে মোক হাতত হাতুৰি দি…

  • |

    ছাঁ চাই নচা মানুহ নহয় অৱনী—নলিনীধৰ ভট্টাচাৰ্য

    অৱনী চক্ৰৱৰ্তীক প্ৰথম কেতিয়া লগ পাইছিলো, এতিয়া মনত পেলাব পৰা নাই; বয়সৰ লগে লগে স্মৃতিও লাহে লাহে ধূসৰ হৈ আহিছে। তথাপি তেওঁক বহুবাৰ লগ পাইছোঁ, তেওঁৰ বুকুৰ যন্ত্ৰণাৰ বাঁহীৰ অমিয়া মাধুৰী পান কৰিছোঁ;– মাটিৰ মানুহ তেওঁ, মাটিৰ নিচেই কাষতে থাকি শুনিছিল দুখৰ ৰামায়ণ, বিচাৰিছিল দুঃস্থ জনতাৰ মুক্তি। তেওঁ স্বপ্ন দেখিছিল সঁচা, কিন্তু দুঃস্বপ্নয়ো তেওঁৰ যন্ত্ৰণা…

  • | |

    কবিকণ্ঠ

    তোমাৰ মজিয়াত তুমি থাকিব পাৰিলানে কথা ক’ব পাৰিলানে তুমি থাকিব পাৰিলানে… প্ৰতিটো নজন্মা শিশুকে বেচি তুমি কেনেকৈ টেলিভিছনৰ ৰঙীন নিচাত মাতাল হোৱা- ময়োতো বিচাৰো গ্ৰহান্তৰৰ বতৰা পৃথিৱীখন কৰিব খোজো হাতৰ তলুৱা গ্ৰহবোৰ মৰমৰ জৰীৰে বান্ধি উমলিব খোজো। তাৰ আগতে লাগে মোক পিয়াহৰ পানী ভোকৰ ভাত ৰাতিৰ আশ্ৰয় আৰু উশাহৰ অম্লজান… দুবাহুৰে সপোন সাবটি নিদ্ৰাৰ কোলাত…

  • | |

    ইয়াত এদিন

    তাই যদি ৰহদৈ আছিল কেনি গ’ল নাজানো। তাই মোৰ কবিতা আছিল বাৰে বাৰে বিচাৰি ঘূৰিছো। এদিন ধুমুহা ৰাতি আন্ধাৰি বালিত তাইক পাইছিলো চুঙা চাকিৰ তভকত জলমলাই উঠিছিল চলচলীয়া এযুৰি চকু। কপিলীয়ে সুধিছিল ঃ তুমি বিচাৰিছা কি? গধুলিৰ আন্ধাৰ তোৰণেদি দ-গড়াৰ বুকুত বহিছিলো আৰু তাই তেনেকৈয়ে খান্দি আছিল মোক। তাই ৰহদৈ আছিল নে নাই নাজানো তাইৰ…

  • | |

    এন্ধাৰ বাটৰ এগছি পোহৰ

    পোহৰ আনোগে’ বুলি আন্ধাৰ হোৱাৰ লগে লগে ল’ৰাটি ওলাই গ’ল। উভতি আহিব বুলি সি বহুপৰ বুঢ়ীআয়ে অন্ধকাৰ কুঠৰীত শীৰ্ণমুখে আশাৰ শলিতা পুৰি   বাট চাই ৰ’ল। অতপৰে উভতি নহাত বুঢ়ীআয়ে কোনোমতে কঁকাল পোণাই ল’ৰাটিৰ কথা সুধি ইঘৰে সিঘৰে গ’ল। হতাশাত ভাঙি পৰা বুঢ়ীৰ শৰীৰ শেঁতা পৰা দুটি চকু উজ্জ্বল হ’ল যেতিয়া শুনিলে ৰাতুল পুতুল আৰু যদুৰাম…

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.