তোমাৰ মজিয়াত তুমি থাকিব পাৰিলানে
কথা ক’ব পাৰিলানে তুমি থাকিব পাৰিলানে…
প্ৰতিটো নজন্মা শিশুকে বেচি
তুমি কেনেকৈ টেলিভিছনৰ ৰঙীন নিচাত মাতাল হোৱা-
ময়োতো বিচাৰো গ্ৰহান্তৰৰ বতৰা
পৃথিৱীখন কৰিব খোজো হাতৰ তলুৱা
গ্ৰহবোৰ মৰমৰ জৰীৰে বান্ধি
উমলিব খোজো।
তাৰ আগতে লাগে মোক পিয়াহৰ পানী
ভোকৰ ভাত ৰাতিৰ আশ্ৰয়
আৰু উশাহৰ অম্লজান…
দুবাহুৰে সপোন সাবটি নিদ্ৰাৰ কোলাত
ময়ো টোপনি যাব লাগিছিল
কিন্তু শেতেলিত শৰীৰটো শুৱাই
ওলাই আহো অকলে অকলে
আৰু যুদ্ধ কৰো নিজৰ লগতে
যেতিয়া বহুজাতিক নিগমৰ নলীয়েদি
নিৰ্গত হোৱা দেখা বিষবাষ্প
উদগীৰণত ভূপাল হয় ভয়ংকৰ হিৰোশ্বিমা
ক’লৈ ঢাপলি মেলিবা
ক’ত গঢ়িবা তোমাৰ সপোন
ওমলাবা এমাডিমা
দক্ষিণ প্ৰশান্তত চলায় আণৱিক বিস্ফোৰণৰ পৰীক্ষা
চুবুৰীয়াই আধুনিক অস্ত্ৰ কিনাৰ আয়োজন দেখি
তুমিও তোমাৰ এটা অস্ত্ৰাগাৰ সাজা
দুয়ো হাতে বাঘনখ পিন্ধি মই কেনেকৈ ফুৰো
ৰিগানৰ মাতে যেন আণৱিক দাঁতে
সপোনতো অট্টহাঁহি মাৰে।
কণ্ঠ বুলিলে স্বাধীনতা
ভৰি বুলিলে পথৰ নক্সা আঁকা
চকু বুলিলে প্ৰত্যক্ষ কৰা সমস্ত পৃথিৱী
আমি গৰা খহা মাজুলীতে সপোন দেখোঁ
ভাতৰ কাঁহীৰ বাবে মুখৰ মাতৰ বাবে
এটুকুৰা মজিয়াৰ বাবে ইজনে সিজনৰ
নেলু টিপি মৰো।
বাৰে বাৰে মই চকু দুটা হেৰুৱাওঁ
বাৰে বাৰে আঁঠুৰ ঘিলা
উলিয়াই নিয়ে আৰু বিচাৰি আনো
বাৰে বাৰে নিহত হওঁ আৰু উঠি আহো
ইতিৰাসৰ চকু দুটা লৈ
এতিয়াও অৱশ্যে মোৰ কোনো যান নাই
য’লৈকে মন যায় যাবলৈ পাছপ’ৰ্ট নাই
মোৰ দেশে মোক দিব পাৰে তথাপি
সাগৰে আহি ভৰি চুই এৰি দিয়ে বাট
আশাৰ অন্তৰীপেদি দেখোঁ পাৰ হয় নিতৌ
পঁচাশীখন সম্পদৰ জাহাজ
সিহঁতে কেৱল তুলি নিয়ে মেংগানিজ প্লেটিনাম সোণ
বগা তেল শোধনৰ ধাতু। লেলিহান জিভা মেলি চাহাৰা
গিলি খাই ইথিওপিয়া
আকালৰ ভয়ংকৰ পেটত জ্বলে
পঁচাশীৰ দহ নিযুত শিশু।
তালৈ ৰাস্তা নোসোমায়। খাদ্যৰ সৰবৰাহ নহয়
ৰঙৰ পাৰ্থক্য আছে বাবে। শান্তিৰ নোবেল বঁটা
সাবটি তুমি পাৰিবানে মাতৃ এনাৰ্জি বিস্কুট যাচি
সেই শিশুবোৰক নিচুকাব?
মৰমৰ পোহৰৰ জুইৰে কেৱল তুমি
পাৰিবানে জ্বলাব আফ্ৰিকা?
অগণিত হৃদপিণ্ড অগণিত চকু-কাণ ভৰি
মগজুৰ ছিটিকি পৰা কণা– মইযে বুটলি ফুৰোঁ
বেলিৰ দৰে পৃথিৱীৰ মেলি দিয়া
আলিংগনৰ হাত দেখি বাৰে বাৰে চুম্বন কৰো।
মইযে মানুহ। অমৃতৰ সন্তান। পৃথিৱীৰ
সকলো নজন্মা কবিৰ আয়ুৰে আয়ুষ্মান।
পোন্ধৰ বছৰ বয়সতে যি কবিয়ে কটাই আহিল
নৰকত একোটাহঁত ঋতু– মোৰ আছে তাৰো অভিজ্ঞতা।
নিৰ্মম হাতেৰে ভাঙি আণৱিক দাঁত
মই পাতিব পাৰো ফুলৰ উদ্যান।
তেতিয়াইতো মোৰ কণ্ঠত উদ্ভাসিত হয় নেৰুদাৰ প্ৰেম।
স্পৰ্শ কৰোঁ লোৰ্কাৰ সেউজীয়া নাজিমৰ পোহৰৰ
পৃথিৱীত অভিষিক্ত হওঁ। মায়াকভস্কিৰ সাজত
মেঘৰ কাচোনেৰে ঘূৰো সেই অমল বাটেদি
আৰু কওঁ ঃ
আকাশত তৰাবোৰ এনেয়ে নজ্বলে
মই আছো
কণ্ঠত তোমাৰ হৃদয় ময়ে উন্মোচিত কৰোঁ।
previous post