উত্তৰৰ তৰা
জ্বলি উঠো সিহঁতে মোক অহৰহ জ্বলাই মাৰিছে বাবে।
জ্বলি উঠো শেষবাৰ সিহঁতকো জ্বলাবৰ বাবে।
মোৰ হাততো অস্ত্ৰ কেৱল
সিহঁতক নিৰস্ত্ৰ কৰাৰ বাবে।
অস্ত্ৰতো মোৰ হাততেই থাকে
কেৱল সিহঁতে মোক বাৰে বাৰে নিহত কৰে
বাৰে বাৰে মোক শ্বহীদ কৰে
মই আজি দৌৰি ফুৰো দৌৰি ফুৰো
কাৰো কথা নামানো। মনে মনে নাথাকো
নুমাই দিয়া চাকিবোৰ ময়েই জ্বলাওঁ
মোহাৰি দিয়া ফুলবোৰ
আকৌ ফুলাওঁ,
আকৌ ফুলাওঁ।
মোৰ হাততো তপত নিশাহ
প্ৰিয়তমা,
মোৰ হাতত এতিয়া তোমাৰ চকু
অন্ধকাৰতো উজলি আছে
উত্তৰৰ তৰা।
থেতেলি দিয়া মগজুকণ
ফুলৰ পাপৰি
বুটলি লওঁ ঃ
ৰাতি ৰাতি মই হাতত তোমাৰ চকু লৈ দৌৰি যাওঁ
চিঞৰি চিঞৰি সকলো কওঁ ঃ
ৰজা ৰাণী সকলো উলংগ
উলংগ ৰাতিৰ অত্যাচাৰ
ফাচ কৰি দিওঁ ফাচ কৰি দিলো
সকলো চাল
সিহঁতৰ সকলো— সকলো কাপোৰ গাৰ
অন্নহীন বস্ত্ৰহীন জনতাৰ।
কবিকণ্ঠ, পৃষ্ঠা ৪৯–৫০
