কি আহে যায়
য’ত
আচল কথাটো লুকাই ৰখাটোৱে আচল কথা
তাত এইবোৰ কি কবিতাৰ মূল্য
সৌন্দৰ্য্য চৰ্চা নন্দনতত্ত্ব
ঘাটি ঘাটি উলিওৱা প্ৰতীকী ব্যঞ্জনা-কল্পচিত্র
তুমি
আলাসত চাংপাতা অথবা
চকু মুদি থাকা
কি আহে যায়
ফাঁচী দি মাৰিলে ভুমাইয়া কিষ্টা
গুলিত মাৰিলে সন্তান তোমাৰ
কি আহে যায় চোমালিল্যাণ্ড
আফ্ৰিকা
সস্তা জীৱন ।
সস্তা তেল – দামী বিবৄতি
দামী ভাষণ – ৰায়
উৰায়
বতাহে উৰুৱাই শ-ঢকা কফিনৰ ফুলাম ঢাকনি
বিয়পে দুৰ্গন্ধ ।
কি আহে যায় ।
previous post