Works

  • | |

    পানীৰ বিষয়ে

    পানীৰ বিষয়ে প্ৰথম কবিতা মই লেখা নাই। ভাবিব নোৱাৰো কি কাৰণে সমস্ত জীৱ আৰু জড়ৰ বীজ আৰু সপ্তৰ্ষিক নাৱত তুলি শিং গজা এটা মাছে টানি লৈ ফুৰে। গাটোক ধুৱাম বুলি এতিয়াও পানীৰ লোটাটো তুলি লও আৰু ক’লা চিকমিকীয়া দেহাৰে কলিমনে চিতাৰ কাঠ ফালে। আয়ুস উচ্চতা ওজনৰ অনুপাতে মোৰ বীমাৰ নিৰিখ ঠিক হৈছিল মোৰ উপাৰ্জনৰ আছিল…

  • | |

    কি আহে যায়

    কি আহে যায় য’ত আচল কথাটো লুকাই ৰখাটোৱে আচল কথা তাত এইবোৰ কি কবিতাৰ মূল্য সৌন্দৰ্য্য চৰ্চা নন্দনতত্ত্ব ঘাটি ঘাটি উলিওৱা প্ৰতীকী ব্যঞ্জনা-কল্পচিত্র তুমি আলাসত চাংপাতা অথবা চকু মুদি থাকা কি আহে যায় ফাঁচী দি মাৰিলে ভুমাইয়া কিষ্টা গুলিত মাৰিলে সন্তান তোমাৰ কি আহে যায় চোমালিল্যাণ্ড আফ্ৰিকা সস্তা জীৱন । সস্তা তেল – দামী বিবৄতি…

  • | |

    কবি

    শ্বহীদ নহ’লো। গুলীয়াগুলিলৈ যোৱা নাই। লাঠী গোৰ খাবলৈ সমদল নুলিয়ালো। কথা নক’লো প্ৰতিবাদ নকৰিলো একোৰেই। ল’ৰাৰ মৃত্যুত ছোৱালীজনী হেৰোৱাত আত্মীয়সকল গুচি যোৱাত নাকান্দিলো। আঙুলিবোৰ কাটি দিয়াত জিভাখন টানি উলিওৱাত মই মৰিলো নেকি মোৰ মৃত্যু হোৱাত ? যদি কৰ্কটে নাখায় ৰক্তক্ষৰণত মোৰ মৃত্যু নহয় তেনেহ’লে অকস্মাৎ মোৰ উদ্যত ছুৰী বহুৱাও বন্ধু তোমাৰ হৃদয় আলোড়িত কৰো অথবা…

  • | |

    কবিকণ্ঠ

    তোমাৰ মজিয়াত তুমি থাকিব পাৰিলানে কথা ক’ব পাৰিলানে তুমি থাকিব পাৰিলানে… প্ৰতিটো নজন্মা শিশুকে বেচি তুমি কেনেকৈ টেলিভিছনৰ ৰঙীন নিচাত মাতাল হোৱা- ময়োতো বিচাৰো গ্ৰহান্তৰৰ বতৰা পৃথিৱীখন কৰিব খোজো হাতৰ তলুৱা গ্ৰহবোৰ মৰমৰ জৰীৰে বান্ধি উমলিব খোজো। তাৰ আগতে লাগে মোক পিয়াহৰ পানী ভোকৰ ভাত ৰাতিৰ আশ্ৰয় আৰু উশাহৰ অম্লজান… দুবাহুৰে সপোন সাবটি নিদ্ৰাৰ কোলাত…