কাৰ সহায়ত সিহঁতে যুঁজে
কাৰ সহায়ত সিহঁতে যুঁজে
মোৰেই কান্ধত বন্দুক থৈ
বিদ্ধ কৰে মোৰ ভাইৰে উমাল বুকু
অথচ
অজ্ঞতাই ঢাকি ৰাখিছে মোৰেই চকু
মোৰেই অপমান!
কোন শক্তিমান?
ঘৃণিত বাঘ?
শান্তিৰ নামত সিহঁতে যি
আটাহ পাৰি গায়
ধৰ্ম বুলি সিহঁতে কৰে ঘৃণ্যলীলা।
শান্তি মানে সিহঁতে বুজে
নিৰ্বিবাদে হত্যাকাণ্ড চলাই নিয়া
চলচাতুৰি,
বৰ্ণবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ লৈ
‘সমাজবাদ’ৰ ছিটিকা সাজি
সিহঁতেই দিয়ে থৈ।
কাৰ সহায়ত সিহঁতে যুঁজে?
দুৱাৰ মুখত মোকেই ৰখীয়া থৈ
উদং কৰি কাঢ়ি লৈ যায়
সেউজ সেউজ মোৰ লখিমীৰ
সেউজ বুকু
মোৰেই অন্ন খায়
মোৰেই পিঠিত চাবুক হানি যায়
বুজিছো আজি
শতকৰা ত্ৰিশ ৰেহাই মূল্যত
কাৰ এই ৰাজনীতি
কোনে আনে মোৰ
সুফলা দেশলে’
ভীষণ আকাল মাতি
সূৰ্যৰ দৰে টগ্বগ্ কৰে
জ্বলি আছে মোৰ বুকু
ঘৃণ্য ইতিহাস
হওক পুৰি ছাই
জ্বলক সুপ্ত বিচুবিয়চৰ জুই।
ঘৃণিত শোষক
মৰ আকালত নিহত মোৰেই
হাজাৰ হাজাৰ
ভাই-ভনীৰ
পঞ্জৰ অস্থি গোটাই গোটাই
সাজিছো তোৰেই মৃত্যু-চিতা
শেষ হ’ক তোৰ এই ঘৃণা
শোষণৰ ইতিহাস।
কবিকণ্ঠ, পৃষ্ঠা ১৪–১৫
