শ্বহীদ নহ’লো।
গুলীয়াগুলিলৈ যোৱা নাই।
লাঠী গোৰ খাবলৈ
সমদল নুলিয়ালো।
কথা নক’লো
প্ৰতিবাদ নকৰিলো
একোৰেই।
ল’ৰাৰ মৃত্যুত
ছোৱালীজনী হেৰোৱাত
আত্মীয়সকল গুচি যোৱাত
নাকান্দিলো।
আঙুলিবোৰ কাটি দিয়াত
জিভাখন টানি উলিওৱাত
মই মৰিলো নেকি
মোৰ মৃত্যু হোৱাত ?
যদি কৰ্কটে নাখায়
ৰক্তক্ষৰণত মোৰ মৃত্যু নহয়
তেনেহ’লে অকস্মাৎ
মোৰ উদ্যত ছুৰী বহুৱাও বন্ধু
তোমাৰ হৃদয় আলোড়িত কৰো
অথবা হত্যা কৰো নিজকেই।
কাৰণ মই নাজানো
এই ৰক্তক্ষড়িত মাটিত
কি গজে
গোলাপ নে সাগৰফেনা
তথাপি এনে ইচ্ছাৰ তাড়না
মতলীয়া তোমাৰ সুৱদী মাতৰ বাবে
শেৱালিৰ সুবাসত কবৰী খোলা হেঁপাহ
দৌৰি আহো ইয়ালৈ
তুমিও কি সুহৃদ
তুমিও কি অম্লজান ভক্ষণ কৰা
বতাহত
হে কবি
নে তুমি এতিয়াও শিশু
প্ৰতিদিনৰ প্ৰসূতিগৃহৰ ভৱিষ্যত