পানীৰ বিষয়ে প্ৰথম কবিতা
মই লেখা নাই।
ভাবিব নোৱাৰো কি কাৰণে
সমস্ত জীৱ আৰু জড়ৰ বীজ
আৰু সপ্তৰ্ষিক নাৱত তুলি
শিং গজা এটা মাছে
টানি লৈ ফুৰে।
গাটোক ধুৱাম বুলি এতিয়াও
পানীৰ লোটাটো তুলি লও
আৰু ক’লা চিকমিকীয়া দেহাৰে
কলিমনে চিতাৰ কাঠ ফালে।
আয়ুস উচ্চতা ওজনৰ অনুপাতে
মোৰ বীমাৰ নিৰিখ
ঠিক হৈছিল
মোৰ উপাৰ্জনৰ আছিল দুখ
আৰু মই
পাহাৰৰ শিখৰত এটা ঘৰ সজাৰ
সপোন দেখিছিলো।
মোৰ এনেকুৱা কিয় হয়
পাচ ফুট ছয় ইঞ্চি উচ্চতাৰ
এজন মানুহ
আৰু মোৰ চাৰ্পেভিলৰ ছয়জনৰ
নামো মনত নাই
মস্কোত বহি স্বাক্ষৰ কৰা
দুয়োগৰাকীৰ চুক্তিৰ কলম দুটাও
দেখা নাই
কিন্তু ইতিমধ্য মই কলিঙ্গৰ যুদ্ধৰ স্থানত
নতুনকৈ সজা শান্তিস্তম্ভৰ
বুদ্ধৰ কাষৰ পৰা
দেখিছো জাফনাৰ হৃদয় ফলা অন্ধকাৰ
আৰু গোল্ডেন টেম্পলৰ আবৰ্জনা
কবিতাৰ কাৰণে নতুন জন্মৰ কথা ভবা নাই
আনকি সৰু এটা বিদেশী কলমৰ কথাও
যোৱা সপ্তাহত প্ৰৱেশ নিষেধ পথত
পুলিচে মোৰ অনুমতি পত্ৰ জব্দ কৰিছে
(যোৱা সপ্তাহ বাৰু কেতিয়াৰ আৰম্ভনী
আৰু কিমান দিন হ’ল
সময়ৰ হাতে ঘড়ী নিপিন্ধা)
তেওঁ আৰু মই দুয়ো একেলগে
অস্পষ্ট হৈ যোৱা আমাৰ ছবিখন
চিনিব নোৱাৰি ইজনে সিজনৰ
মুখলৈ চোৱা
কেতিয়াৰ পৰা যে একেলগে
খোজ কাঢ়িছিলো
এই নিষিদ্ধ পথেদি।
আকস্মিক শব্দটো এতিয়া আৰু
হঠাৎ নহয়
আৰু মই যেতিয়া কবিতাৰ বহীখন লৈ
ওপৰলৈ উঠি আহো
(ক’ৰ পৰা সাগৰৰ তল
আৰু পাহাৰৰ উচ্চতা)
দেখা পাও কেউফালে আকাশ
তথাপি মোৰ ভৰিৰ তলুৱাত
লাগি থাকে অকণমান মাটি।
(দূৰদৰ্শনৰ কবি সন্মিলন পাঠ কৰা)
পাঠ: ২৮-০৬-১৯৮৮
previous post