poetabani.com website
জপনামুখ
অৱনী চক্ৰৱৰ্তী’ (Abani Chakravarty) ৱেবচাইট কবিতা প্ৰকাশনৰ শেহতীয়া নিবেদন। আমি আশা কৰিছো আমাৰ এই ৱেবচাইটে কবি অৱনী চক্ৰৱৰ্তীৰ সৃষ্টিৰাজি আৰু আদৰ্শক নতুন প্ৰজন্ম তথা পৃথিৱীৰ যি কোনো প্ৰান্তত থকা সাহিত্য অনুৰাগী, ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈৰ কাষলৈ লৈ যাব। কবি অৱনী চক্ৰৱৰ্তীৰ জন্মদিন ৩ জানুৱাৰীৰ দিনটো আমি কবিগৰাকীৰ পৰিয়ালে পালন কৰি আহিছো৷ এই দিনটোত তেখেতৰ সৃষ্টিৰাজিৰ প্ৰকাশ, অনুবাদ, সাহিত্য অনুষ্ঠান অনুষ্ঠিত কৰা আদি কাৰ্যসূচী হাতত লোৱা হৈ আছে৷ কবি চক্ৰৱৰ্তীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিও বহু অনুষ্ঠান অসমৰ চুকে কোনে অনুষ্ঠিত হৈ আছে। সেইসমূহৰ সবিশেষ আমাক জনাবলৈ অনুৰোধ জনালোঁ৷ বোলছবি নিৰ্মাতা ভাস্কৰ জ্যোতি দাস আৰু ৱাৰিবাম ডৰেন্দ্ৰৰ উদ্যোগত কবিৰ জীৱনৰ একাংশক আলোকপাত কৰি বোলছবিও নিৰ্মাণ কৰা হৈছে৷ কিন্তু কবি অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ সমগ্ৰ সংকলন এতিয়াও প্ৰকাশ হ’বলৈ বাকী৷ এইক্ষেত্ৰত কোনো আগ্ৰহী ব্যক্তি বা অনুষ্ঠানে সমগ্ৰ সংকলন প্ৰকাশৰ উদ্যোগ ললে আমি পৰিয়ালৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ আগবঢ়াম৷ হিন্দী, বড়ো, বাংলা, ইংৰাজী , কানাড়া ভাষাত তেওঁৰ কবিতা অনুদিত হৈছে৷ কবি অৱনী চক্ৰৱৰ্তীক ওচৰৰ পৰা পোৱা বহু লোকক আমি লগ পোৱা নাই, তেখেতে বহু ভিতৰুৱা গাওঁ, অঞ্চল ভ্ৰমিছিল, বহু বন্ধু-বান্ধৱে তেওঁৰ স’তে মত বিনিময় কৰিছিল… আমি লগ নোপোৱা সেইসকল ব্যক্তিয়ে এই ৱেবচাইটৰ জৰিয়তে তেখেতসকলৰ পৰামৰ্শ, স্মৃতি, তেওঁলোকৰ নিজৰ সংগ্ৰহত থকা ফটো, চিঠি, লিখনি আদিৰ ফটো তুলি আমালৈ পঠিওৱাৰ দিহা কৰিবলৈ অনুৰোধ জনালোঁ৷ এই ৱেবচাইটৰ পৰা কোনো লিখনি যদি কোনো গ্ৰন্থ অথবা সংগ্ৰহত প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে সবিশেষ আমাক জনাব লাগিব৷ আমি কবিগৰাকীৰ সৃষ্টিৰ প্ৰসাৰৰ বাবে তেওঁৰ কবিতা আৰু লিখনি বিভিন্ন ভাষালৈ সু-অনুবাদ হোৱাটোও কামনা কৰিছো। আশা কৰিছো এই ৱেবচাইটৰ জৰিয়তে অনাগত দিনত আৰু বহু নতুন কাম আমি কৰিব পাৰিম৷
শ্ৰীমতী গায়ত্ৰী চক্ৰৱৰ্তী
সহধৰ্মিনী, কবি অৱনী চক্ৰৱৰ্তী৷
কবিতা প্ৰকাশন, খাৰঘুলি, গুৱাহাটী
২৬ ডিচেম্বৰ, ২੦১৭