কবি অৱনী চক্ৰৱৰ্তী বিংশ শতাব্দীৰ শেষাৰ্দ্ধৰ অসমীয়া সাহিত্যৰ এগৰাকী মানৱদৰদী কবি। মূলতঃ কবিতা লিখিলেও তেওঁৰ কৰ্মৰাজিৰ ভিতৰত আছে দুখন উপন্যাসিকা আৰু তৃতীয় বিশ্বৰ কবিতাৰ অনুবাদ কৰ্ম।
জীৱনৰ আগছোৱা
চক্ৰৱৰ্তীৰ জন্ম হৈছিল অসমৰ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী সংমণ্ডলত (এতিয়া নলবাৰী জিলা) ১৯৪১ চনৰ ৩ জানুৱাৰীত এক ব্ৰাহ্মণ পৰিয়ালত। অৱনীয়ে অসমীয়া সাহিত্যলৈ সৰহকৈ অৱদান আগবঢ়াবলৈ অাৰম্ভ কৰে ১৯৬০ৰ দশকৰ পৰা আৰু ১৯৯৪ চন পৰ্যন্ত (তেওঁৰ নিৰুদ্দেশ হোৱাৰ দিনটোলৈ) তেওঁ নিৰৱিচ্ছিন্ন ভাৱে কাব্য সৃষ্টিত ব্ৰতী থাকে। অসমীয়া কাব্য সাহিত্যত অৱনীৰ কবিতা আছিল প্ৰভাৱশালী। ১৯৯৪ চনৰ ১২ নবেম্বৰ শনিবাৰৰ শীতৰ সন্ধিয়া কবিগৰাকী সান্ধ্য ভ্ৰমণৰ পৰা নিৰুদ্দেশ হয়।
কৰ্মৰাজি
চক্ৰৱৰ্তীয়ে কেইবাখনো কবিতাৰ সংকলন, অনুবাদ গ্ৰন্থ আৰু দুখন উপন্যাসিকাকে ধৰি ভালেমান গ্ৰন্থ ৰচনা কৰে। অসমৰ বেছিভাগ গুৰুত্বপূৰ্ণ বাতৰি কাকত আৰু আলোচনীতেই কবিগৰাকীয়ে নিজৰ কবিতা প্ৰকাশ কৰে। তেখেতৰ গ্ৰন্থৰাজিৰ প্ৰকাশকসকলৰ বেছিভাগেই অসমৰ। কিছু গ্ৰন্থ তেওঁৰ নিজৰ প্ৰকাশন অনুষ্ঠান কবিতা প্ৰকাশনেও প্ৰকাশ কৰে।
অৱনীয়ে যৌথভাৱে সম্পাদনা কৰা আলোচনীকেইখন হৈছেঃ অন্তৰংগ (ছমহীয়া, ১৯৬৯), অসমীয়া কবিতা (মাহিলী, ১৯৭০) আৰু চিৰণ্তনৰ (তিনিমহীয়া, একক সম্পাদনা)। তেখেতৰ কবিতা আবৃত্তিৰ কেছেট প্রতিবাদৰ কন্ঠ ১৯৮৫ চনত বাণীবদ্ধ হয়। এইটো অসমীয়া আবৃত্তিৰ প্ৰথম কেছেট। তেখেতৰ সংকলনসমূহ হল দেহা ৰমেৰমায় মোৰ (১৯৭০), শ্লোগান (১৯৮০), কবিকন্ঠ (১৯৮৭), আত্মজীৱনীমূলক উপন্যাসিকা শঙ্কৰদেব উদ্দ্যান, সি আৰু অপূৰ্ব (১৯৯০) , সম্পাদিত উপন্যাস বৃত্ত ভঙাৰ সময় (১৯৭২), এই সময় (১৯৭২), পৰশু গোস্বামীৰ কবিতা (১৯৮৯) আৰু অমূল্য বৰুৱাৰ জীৱন আৰু কবিতা (১৯৯০)।
যৌথভাৱে সম্পাদনা, অনুবাদ আৰু সংকলন কৰা গ্ৰন্থকেইখন হৈছে মাও চে টু্ঙৰ কবিতা(১৯৭৯), টুং পি উৰ কবিতা(১৯৭৯), হো চি মিনৰ কবিতা) (১৯৭৯), কৃষ্ণাংগ কবিৰ কবিতা) (১৯৮২), ফয়্জ আহমদ ফয়্জৰ কবিতা) (১৯৮৫) আৰু মুছা জালিলৰ কবিতা) (১৯৮৭)।
অৱনী চক্ৰৱৰ্তীৰ সম্বন্ধীয় গ্ৰন্থ
অৱনী চক্ৰৱৰ্তীৰ নিৰুদ্দেশ হোৱাৰ দিন ধৰি কবি গৰাকী সম্বন্ধে আৰু তেওঁৰ কৰ্মৰাজিৰ সংকলন কেইখনমান প্ৰকাশ পাইছে। তাৰ ভিতৰত আছে : অৱনী চক্ৰৱৰ্তীৰ নিৰ্বাচিত কবিতা (প্ৰকাশকঃ পুথি নিকেতন, ১৯৯৬), অৱনী চক্ৰৱৰ্তীৰ স্ব নিৰ্বাচিত কবিতা সংকলন)(প্ৰকাশকঃ ফ্ৰেণ্ডচ পাব্লিকেশ্যনচ, ২০০৪), অৱনী চক্ৰৱৰ্তী: স্মৃতি আৰু সৃষ্টি (প্ৰকাশকঃ কবিতা প্ৰকাশন, ২০০৯), सपनो के साथ एक दिन ठिठोली (কবি দিনকৰ কুমাৰে অনুবাদ কৰা কবিগৰাকীৰ কবিতাৰ সংকলন (প্ৰকাশকঃ কবিতা প্ৰকাশন, ২০১০) আৰু खंथाइगारिनि गारां (বীৰুপাক্ষ গিৰি বসুমাতাৰীয়ে অনুবাদ কৰা কবিগৰাকীৰ কবিতাৰ সংকলন) (প্ৰকাশকঃ কবিতা প্ৰকাশন, ২০১০)। ইয়াৰ উপৰি ‘উলুপী’ নামৰ হিন্দী আলোচনীখনৰ এটি সংখ্যা অৱনী চক্ৰৱৰ্তী বিশেষ সংখ্যা ৰূপে প্ৰকাশ পায় ২০০৪ চনত।
কবি অৱনী চক্ৰৱৰ্তীৰ কবিতাৰ সমালোচনা কেইখন মান আলোচনী বা কিতাপত প্ৰকাশ ইতিমধ্যে পাইছে যদিও এতিয়াও সম্পূৰ্ণ আলোচনা আৰু বিশ্লেষণ হবলৈ বাকী।